মুখ্যমন্ত্ৰীৰ ঘোষণা

মুখ্যমন্ত্ৰীৰ ঘোষণা

নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বাধীন)ৰ সৈতে চৰকাৰৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে সম্পৰ্ক বজাই ৰখা আৰু অহা দুই-তিনি বছৰৰ সময়সীমাৰ ভিতৰতে আলফা সমস্যাৰ সমাধান কৰা হ'ব বুলি একপ্ৰকাৰে নিশ্চয়তা প্ৰদান কৰা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ ঘোষণা তাৎপৰ্যপূৰ্ণ। মুখ্যমন্ত্ৰীগৰাকীয়ে দুদিন আগতে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত কৈছিল যে আলফাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টিভংগীৰে চৰকাৰে এক নিৰ্দিষ্ট কৰ্মসূচী হাতত লৈছে।

অৱশ্যে সচৰাচৰ নিজৰ বক্তব্যৰে সংবাদ মাধ্যমত চমক সৃষ্টি কৰি অহা মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল আলফা সমস্যাই নহয়, অহা দুই-তিনি বছৰৰ ভিতৰত অসমৰ সকলো সমস্যা সমাধানৰ চেষ্টা চলোৱ হ'ব বুলি সদৰী কৰিছে। অসম চুক্তিৰ সফল ৰূপায়ণেকে ধৰি এন আৰ চি, অসমীয়াৰ সাংবিধানিক সুৰক্ষা, বান-খহনীয়া, নিবনুৱা সমস্যা আদি আন আন জ্বলন্ত সমস্যাবোৰৰ কথা নক'লোৱেইবা, বিগত কেইবাটাও দশক ধৰি ৰাজ্যখনৰ সমাজ জীৱনক প্ৰভাৱিত কৰি অহা আলফা সমস্যাৰ স্থায়ী সমাধান সূত্ৰ যদি এই চৰকাৰে উলিয়াব পাৰে, তেন্তে নিশ্চয়কৈ সকলোৰে বাবে ই আশাপ্ৰদ বিষয় হ'ব।

দৰাচলতে মুখ্যমন্ত্ৰীয়ে অলপতে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তিৰ প্ৰসংগতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আলফা-চৰকাৰৰ আলোচনাৰ বিষয়টো সন্দৰ্ভত উল্লেখিত কথাখিনি ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে কাৰ্বি শান্তি চুক্তিয়ে যিদৰে কাৰ্বি পাহাৰত শান্তি আৰু বিকাশৰ নতুন পথ মুকলি কৰিব, সেইদৰে অহা দুই-তিনি বছৰত অসমৰ আন আন সমস্যাবোৰ আঁতৰ কৰা হ'ব। এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে, আলফা সমস্যা সমাধানৰ স্বাৰ্থত চৰকাৰে আলোচনাৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবঢ়াই নিব?

ইতিমধ্যে উগ্ৰপন্থী সংগঠনটোৰ ফালৰ পৰা একপক্ষীয়ভাৱে যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। ই নিশ্চয়কৈ ইতিবাচক কথা। কিন্তু ৰাজ্য চৰকাৰে বিষয়টোক লৈ কেন্দ্ৰৰ ওপৰত কেনেধৰণৰ দৃষ্টিভংগী আগবঢ়াইছে, তাৰ ওপৰতে সকলো কথা নিৰ্ভৰশীল হৈ পৰিব। মুখ্যমন্ত্ৰীয়ে দুই-তিনি বছৰৰ সময়সীমা ঘোষণা কৰাৰ জৰিয়তে ২০২৪ চনৰ লোকসভা নিৰ্বাচনক লক্ষ্য কৰি লৈছে নেকি? কাৰণ আলফা সমস্যাৰ সমাধানৰ বিষয়টো কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল। যোৱা সময়ছোৱাত এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছিল যদিও শেষত গৈ সেইবোৰে কাৰ্যকৰী ৰূপ লাভ কৰা দেখা নগ'ল।

ৰাজ্য চৰকাৰে আলোচনাৰ নামত কেন্দ্ৰৰ নিৰ্দেশত বিভিন্ন পন্থাৰে উগ্ৰপন্থী সংগঠনটোৰ নেতৃত্বক সৈমান কৰোৱাৰ চেষ্টা চলাইছিল যদিও সেয়া একপ্ৰকাৰ ব্যৰ্থ হৈ পৰিছিল। একমাত্ৰ আলোচনাৰ বাবেই সংগঠনটোৰ মাজত বিভাজনৰো সৃষ্টি হৈছিল। আলফাৰ আলোচনাপন্থী গোটটো ক্ৰমান্বয়ে চৰকাৰৰ ওচৰত অপ্ৰাসংগিক হৈ পৰাৰ দৰেই হৈছে। মুঠতে আলফা সমস্যা সামাধানৰ ক্ষেত্ৰত কেন্দ্ৰই বিভাজনমুখী নীতিকহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। তাৰ ফল অসমৰ ৰাইজে ভূগিবলগাত পৰিছে।

এই কথা অনস্বীকাৰ্য যে আলফাই উত্থাপন কৰি অহা প্ৰশ্নবোৰৰ সৈতে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ আত্মনিৰ্ধাৰণৰ সংগ্ৰামৰ ন্যায্যতাৰ প্ৰশ্নটো জড়িত হৈ আছে। কেন্দ্ৰৰ শোষণ, বঞ্চনাই অসমৰ দৰে ৰাজ্যৰ অনগ্ৰসৰতাক জন্ম দিয়াৰ ক্ষেত্ৰত যিবোৰ কাৰকে ক্ৰিয়া কৰিছে, তাৰ যুক্তিসংগত বিশ্লেষণ ইতিমধ্যে আমাৰ বুদ্ধিজীৱী মহলে কৰিছে।আলফাৰ দৰে উগ্ৰপন্থী সংগঠনৰ সৃষ্টি হোৱাৰ ক্ষেত্ৰত অসমৰ ভূ-ৰাজনৈতিক তথা আৰ্থ-সামাজিক ইতিহাসৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।কিন্তু পৰিবৰ্তিত পৰিস্থিতিত এই অঞ্চলটোৰ জনগোষ্ঠীয় সমস্যাৰ জটিলটাই ভিন্ন ৰূপ লাভ কৰিছে।

এই সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অসমৰ এই জটিল সমস্যাবোৰৰ সমাধানকল্পে গণতান্ত্ৰিক বাতাৱৰণ এটা সৃষ্টি কৰাত সফল হোৱা নাই।বৰং স্বায়ত্তশাসন, অনুসূচিতকৰণ আদিৰ নামত অসমৰ থলুৱা জনসাধাৰণৰ মাজত এক অনৈক্যৰ বীজহে ৰোপণ কৰা হৈছে। সেয়ে আলফা স্বাধীনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত এতিয়া আলোচনাৰ যি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ কথা ঘোষণা কৰা হৈছে, সেই ক্ষেত্ৰত এই প্ৰশ্নবোৰৰ মীমাংসাও হ'ব লাগিব। অসম তথা উত্তৰ-পূবৰ অন্যান্য বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনা বা চুক্তি কৰাৰ নামত কেন্দ্ৰই যি বিভাজনমুখী নীতি কাৰ্যকৰী কৰিছে, তাৰ পুনৰাবৃত্তি নোহোৱাটোৱেই সকলোৰে কাম্য।

এই আলোচনাত ৰাজ্যখনৰ জনগোষ্ঠীয় সমসম্যাৰ মূল বিষয়বোৰ অন্তৰ্ভুক্ত হোৱা উচিত। এইক্ষেত্ৰত আলফা স্বাধীনৰ নেতৃত্বৰ দৃষ্টিভংগী সন্দৰ্ভত অসমৰ থলুৱা ৰাইজ অৱগত হ'ব লাগিব। আলোচনাৰ নামত কেৱল এখন চুক্তি সম্পাদন হোৱাটো অসমৰ জনসাধাৰণে নিবিচৰাটোৱেই স্বাভাৱিক।কাৰণ ইতিমধ্যে প্ৰতিটো জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত গঠন হোৱা জাতীয় সহমতক সঠিকভাৱে উপস্থাপন কৰাৰ লগতে আলফাই উত্থাপন কৰা মূল বিষয়বোৰৰ গ্ৰহণযোগ্য সমাধান সূত্ৰ উলিয়াব পাৰিলেহে আলোচনাৰ প্ৰক্ৰিয়াটোৱে সফলতাৰ দিশে অগ্ৰসৰ হ'ব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in