ভ্ৰাম্যমাণৰ নাট্যাৰম্ভ…

ভ্ৰাম্যমাণৰ নাট্যাৰম্ভ…

পূৰ্বৰ হিচাপত জুলাইৰ প্ৰথম সপ্তাহৰ পৰা আখৰা আৰম্ভ কৰি আগষ্টৰ মাজভাগৰ পৰা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহলৈকে এই সময়চোৱাৰ ভিতৰতে সচৰাচৰ গৰিষ্ঠসংখ্যক ভ্ৰাম্যমাণ থিয়েটাৰে নাট্যযাত্ৰাৰ সূচনা কৰি দশক ৰাইজৰ মাজলৈ যায়। কিন্তু এইবাৰ চৰকাৰৰ শেহতীয়া নীতি-নিৰ্দেশনা অনুসৰি আখৰাৰ বাবে সাজু হোৱা থিয়েটাৰকেইখনে অক্টোবৰতহে নাট প্ৰদৰ্শনৰ কাৰ্যসূচী আৰম্ভ কৰিব পাৰিব। তথাপি নতুন নাট্যসূচীৰে হলেও নাট প্ৰদৰ্শন কৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ ছয় দশকজোৰা পৰম্পৰা ৰক্ষা কৰি এই ব্যক্তিক্ৰমী নাট্যধাৰাক জীপাল কৰিব খোজা প্ৰচেষ্টাক সাধুবাদ জনাবই লাগিব।

কিন্তু চৰকাৰ আৰু দৰ্শক ৰাইজৰ সহযোগ- সহমৰ্মিতা অবিহনে তেওঁলোকৰ এই প্ৰয়াস সফল নহব। এশ-ডেৰশ শিল্পী, কলা-কুশলী নিয়োগৰ পৰা মঞ্চ-প্ৰেক্ষাগৃহৰ সা-সৰঞ্জাম কৰাৰ লৈকে, ইখনৰ পাছত সিখন ঠাইলৈ সা-সামগ্ৰী কঢ়িওৱাৰ পৰা নাট্যদলৰ থকা-খোৱাৰ ব্যৱস্থ কৰালৈকে প্ৰতিতো ক্ষেত্ৰতে অৰ্থৰ প্ৰশ্ন জড়িত হৈ থাকে। থিয়েটাৰ দল এটাৰ লাভ-লোকচানৰ সমস্ত দায়িত্ব প্ৰযোজকজনৰ মূৰৰ ওপৰতে থাকে। গতিকে শিল্পটোৰ পুণৰুদ্ধাৰৰ চেষ্টাৰ এই সময়তে চৰকাৰে ইতিমধ্যে ঘোষণা কৰা এককালীন সাহায্য মুকলি কৰি প্ৰযোজকসকলক সকাহ দিয়া উচিত। অন্যাথা নিষ্ঠাসহকাৰে ভ্ৰাম্যমাণৰ নাট্য পৰম্পৰা ৰক্ষা কৰিবলৈ আহিও তেওঁলোক হতাশ হবলৈ বাধ্য হব।

কা আন্দোলন, কোভিডৰ বাবে বিগত দুটা নাট্যবৰ্ষ স্তদ্ধ হৈ পৰাত ভ্ৰাম্যমাণৰ ভালেসংখ্যক সৰু বৰ শিল্পীয়েই জীৱিকাৰ তাড়নাত বিকল্প বৃত্তিৰ সন্ধান কৰিব লগা হৈছে। তেওঁলোকক পুনৰ থিয়েটাৰলৈ ঘূৰাই আনি আশ্বস্ত কৰিবপৰা হলে চৰকাৰেই আৰ্থিক সাহায্য প্ৰদানৰ কথা ভাবিব লাগিব। ২০২১-২২বৰ্ষত নাট প্ৰদৰ্শনৰ বাবে সাজু হোৱা নাট্যগোষ্ঠীসমূহে আগত সময়ত হঠাত কোভিড পৰিস্থিতিৰ অৱনতি ঘটিলে কি কৰিব, লসেই সন্দৰ্ভতো থিৰাং কৰিব লাগিব।

নকলেও হব যে, একেখন ঠাইত অস্থায়ী মঞ্চ সাজি তিনি-চাৰিদিনৰ বাবে নাট প্ৰদৰ্শন কৰা ভ্ৰাম্যমাণ থিয়েটাৰ সদাযয়েই পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল। পৰিস্থিতিৰ লগত মোকাবিলা কৰিয়েই বছৰ বছৰ ধৰি ভ্ৰাম্যমাণে নাট্যযাত্ৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে।কোভিডে অভূতপূৰ্ব পৰিস্থিতিৰ মুখামুখি কৰিলেও এইবাৰ যিহেতু প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া ব্যাপক কৰি তোলা হৈছে, সেয়েহে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণৰ মাজত নাট মেলিব পৰা যাব বুলি আশা কৰা হৈছে। অৱশ্যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে অতিশীঘ্ৰে পৃথক এছ অ পি ঘোষণা কৰা প্ৰয়োজন।

ভ্ৰাম্যমাণক সচাঁ অৰ্থত ভাল পোৱা সহৃদয় দৰ্শকে কোভিড নীতি-নিয়ম কঠোৰভাৱে মানি চলিও থিয়েটাৰৰ সজ প্ৰচেষ্টাৰ প্ৰতি নিশ্চয় সহাৰি জনাব। এই সহাঁৰিয়ে কেৱল থিয়েটাৰ দলক জীৱন দিয়াই নহয়,ৰাজ্যখনৰ চহৰে-নগৰে, গাৱে-ভূঞে থকা অনেক সামাজিক অনুষ্ঠানৰ প্ৰাথমিক পু্ঁজি গঠনতো সহায় কৰিব। ভ্ৰাম্যমাণৰ বহু প্ৰযোডকেই বুজি উঠিছে যে, কোৰোনাই বিধ্বস্ত কৰা অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত বিনিয়োগ কৰাৰ সামান্য পৰিমাণৰ ধনেই হাতলৈ পুনৰ ঘূৰি অহাটো কঠিন হৈছে। সেয়ে ব্যাপক অৰ্থ বিনিয়োগেৰে ভ্ৰাম্যমাণৰ মঞ্চলৈ আকাশলংঘী প্ৰাচুৰ্।-গ্লেমাৰৰ আমদানি কৰাসকলক কোভিডেই পৰ্যুদস্ত কৰিলে সেয়া ভ্ৰাম্যমাণ থিয়েটাৰৰৰ বাবে অভিশাপৰূপী আৰ্শীবাদ হৈ পৰিব।

নিষ্ঠাৱান নাট্যগোষ্ঠীসমূহে প্ৰকৃত অৰ্থৰ নাটক লৈ দৰ্শকৰ মাজলৈ গলে ৰাইজে নিশ্চয় আন্তৰিকতাৰে গ্ৰহণ কৰিব। কোভিডৰ মাজতো হাত সাৱটি বহি নাথাকি নাট্যযাত্ৰাৰ ধাৰা অটুট ৰখাৰ বাবে ওলাই অহা প্ৰযোজকসকলৰ সাফল্যৰ ওপৰতে এতিয়া উদ্যোগটোৰ ভৱিষ্যতো নিৰ্ভৰ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in