ভূমিকম্পঃ ২৮ জনৰ মৃত্যু…

ভূমিকম্পঃ ২৮ জনৰ মৃত্যু…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জাপানৰ ৰাজধানী টকিঅ'ত ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়। ফলস্বৰূপে ৰাজধানী চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলৰ বিস্তৰ ক্ষতি সাধন হয়। আনহাতে এই ভূমিকম্পৰ ফলত বৰ্তমানলৈকে ২৮ জন ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে।

বৃহস্পতিবাৰে নিশা ১০-৪১ বজাত অহা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত আছিল ৬.১। এই ভূমিকম্পৰ ফলত জাপানত চুনামি অহাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰ। এই ভূমিকম্পৰ কেন্দ্ৰস্থল অআছিল টকিঅ'ৰ পূবৰ চিবা প্ৰদেশত ভূ-গৰ্ভৰ ৮০ কিলোমিটাৰ তলত বুলি জানিব পৰা গৈছে।

একেদৰে বৃহস্পতিবাৰে নিশা ম্যানমাৰতো ৫.৫ প্ৰাবল্যৰ এক ভূমিকম্প আহে। ভাৰতত দিনৰ ভাগত ১২-৩০ বজাত লাডাখৰ লেহত ৩.৮ প্ৰাবল্যৰ ভূমিকম্প অহাৰ পিছত নিশা ১২ বজাত অসমতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in