ভূমিকম্পই জোকাৰিলে পাকিস্তানে, ২০জনে হেৰুৱালে প্ৰাণ…

ভূমিকম্পই জোকাৰিলে পাকিস্তানে, ২০জনে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ ভূমিকম্পই জোকাৰি গ'ল পাকিস্তানত। এই ভূমিকম্পৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখনত প্ৰায় ২০জনকৈ লোকৰ মৃত্যু হৈছে। পাকিস্তানৰ চৰকাৰী বিষয়াই সদৰি কৰা অনুসৰি, দক্ষিণ পাকিস্তানত ৫.৭ প্ৰাবল্যৰ ভূমিকম্পন অনুভূত হয়। এই ভূমিকম্পৰ ফলত ঘৰসমূহৰ ভাঙি যায়, দেৱালসমূহ খহি পৰে যাৰ ফলত এই লোকসকলে প্ৰাণ হেৰুৱায়।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, মৃত্যু হোৱা লোকৰ ভিতৰত আছে ৬টা শিশুও। বৰ্তমান বলুচিস্তান কঁপোৱা এই ভূমিকম্পৰ পাছত উদ্ধাৰকাৰী দল উপস্থিত হয় উক্ত স্থানত। মাজনিশা প্ৰায় ৩ বজাত ভূমিকম্পৰ অভিকেন্দ্ৰৰ পৰা ২০ কিলোমিটাৰ দূৰলৈকে এই কম্পন অনুভূত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in