আন্তঃৰাষ্ট্ৰীয়

পুৱতি নিশা জাপানত ভূমিকম্পঃ কেইবাজনো আহত..

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱতি নিশা জাপানৰ উত্তৰ-পূব অংশত ভূমিকম্প ঘণিভূত হয়। এই ভূমিকম্পৰ ফলত কেইবাজনো লোক গুৰুত্বপূৰ্ণ ভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯।

সঘনাই ভূমিকম্পকে ধৰি অন্যান্য প্ৰাকৃতি দুৰ্যোগে ত্ৰাসৰ সৃষ্টি কৰা জাপানত অৱশ্যে এই ভূমিকম্পৰ বাবে চুনামিৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই। কেইবাজনো লোক এই ভূমিকম্পত আহত হোৱাৰ খবৰ লাভ কৰা হৈছে যদিও বৃহৎ পৰিমাণৰ সম্পত্তিৰ ক্ষতিৰ খবৰ লাভ কৰা হোৱা নাই।

জাপানৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, বুধবাৰে পুৱা ২.৪৬ বজাত এই ভূমিকম্প আহিছিল।