শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দায়িত্ব ল’লে ডাঃ ধ্ৰুৱজ্যোতি বৰাই

শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দায়িত্ব ল’লে ডাঃ ধ্ৰুৱজ্যোতি বৰাই

ডিজিটেল ডেস্কঃ ডাঃ ধ্ৰুৱজ্যোতি বৰা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিদ্যালয়ৰ নতুন উপাচাৰ্য। ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে ২০ নৱেম্বৰ ২০২১, শনিবাৰে প্ৰাক্তন স্বাস্থ্য শিক্ষা সঞ্চালক তথা যোৰহাট আৰু ডিফু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীক চিকিৎসাবিজ্ঞানৰ বিশ্ববিদ্যালয়খনিৰ উপাচাৰ্য ৰূপে নিয়োগ কৰাৰ পিছত সোমবাৰে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে।

প্ৰখ্যাত সাহিত্যক, গল্পকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে গৰীয়সী আলোচনীৰ সম্পদাক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ আছিল সাহিত্য অকাডেমীৰো উত্তৰ পূবৰ মনোনীত সদস্য। অসমৰ সাহিত্য, সমাজ আৰু চিকিৎসা ক্ষেত্ৰত নিজৰ বলিষ্ঠ সৃষ্টি- কৰ্মৰে সুকীয়া পৰিচয় লাভ কৰা ডাঃ ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য ৰূপে দায়িত্ব অৰ্পন কৰাৰ পিছত অসমৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা তথা স্বাস্থ্য খণ্ডৰ বিকাশৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে ডাঃ বৰাৰ পূৰ্বে কৃষ্ণা গোহাঁই আছিল উক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। ইফালে সম্প্ৰতি অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১১ খনলৈ বৃদ্ধি পোৱাৰ লগে লগে ইয়াত শিক্ষা গ্ৰহণ কৰিব পৰা অসমৰ শিক্ষাৰ্থীৰ বাবে আসনৰ সংখ্যাও ১০০০ তকৈও অধিকলৈ বৃদ্ধি পাইছে। যোৱা বছৰলৈকে এই সংখ্যা প্ৰায় ৭০০ আছিল। এনে পৰিপ্ৰেক্ষিততে অতি স্বাভাৱিকভাৱেই ৰাজ্যৰ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ দায়িত্বৰ পৰিসৰো বৃদ্ধি পাইছে। সেয়ে বৃষ্টিত অভিজ্ঞতাৰে পুষ্ট ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ নিয়োগে এই দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in