তেজপুৰত দীপক মহন্ত সোঁৱৰণী নাট সমাৰোহৰ আয়োজন

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, উত্তৰ অসমঃ প্ৰতিভাধৰ নাট্যশিল্পী, সাংবাদিক দীপক মহন্তৰ সোঁৱৰণত তেজপুৰৰ মণিকূট কলাক্ষেত্ৰৰ উদ্যোগত অহা ১ ছেপ্টেম্বৰৰপৰা ৫ ছেপ্টেম্বৰলৈ তেজপুৰৰ জিলা পুথি ভঁৰালত আয়োজন কৰা হৈছে নাট সমাৰোহৰ।

অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে উদ্বোধন কৰিবলগীয়া নাট সমাৰোহত দীপক মহন্তৰ এখন নাট সংকলনৰ লগতে 'তেজপুৰৰ প্ৰয়াত নাট্য শিল্পীসকলৰ জীৱন পঞ্জী' শীৰ্ষক এখন গ্ৰন্থও উন্মোচন কৰা হ'ব।

উক্ত অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ বৰকটকী আৰু বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ বৰুৱা, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা উপস্থিত থাকিব।

বিহপুৰীয়া, বিশ্বনাথ চাৰিআলি, চতিয়া, তেজপুৰ আদি অঞ্চলৰ কেইবাটাও নাট্য গোষ্ঠীয়ে মঞ্চস্থ কৰিব লগা ৭খন নাটকৰ প্ৰত্যেক দিনাই উদ্বোধন কৰিব দীপক মহন্তৰ সতীৰ্থ আৰু সুহৃদ বৃন্দাবন গোস্বামী, পদ্ম হাজৰিকা, ড০ ভুৱনেশ্বৰ চহৰীয়া, ৰাজেন বৰঠাকুৰ, পংকজ বৰদলৈ, পংকজ কুমাৰ নাথ আদিয়ে।

মঞ্চস্থ হ'ব লগা নাটককেইখন ক্ৰমে মৰুদ্যানত গধূলি, তিনিটা ৰঙীণ পখিলা, সুমথিৰা ৰ'দ, উলংগা ৰজা, কোন বনেগা পতি, প্ৰেম, ধনীৰামৰ থিয়েটাৰ। নাট্যকাৰসকল ক্ৰমে দীপক মহন্ত, পংকজ জ্যোতি ভূঞা, নিৰ্মল বাৰ্মা, জ্ঞান পূজাৰী (ভাষান্তৰ) অৰুণ নাথ আৰু কৃষ্ণ ভূঞা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in