অর্থনীতি

অকাল পঙ্গুত্বকো জিনি আত্ম প্ৰতিষ্ঠাৰ সংগ্ৰাম ঢকুৱাখনাৰ প্ৰাণজিতৰঃ স্ব-গৃহতে এল ই ডি বাল্ব নিৰ্মাণ

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: কায়িক ভাবে দিব্যাংগ হৈয়ো এটা প্ৰচণ্ড শক্তিশালী সৃষ্টিশীল মন আৰু চিন্তা চেতনাৰ গৰাকী হোৱা এগৰাকী ব্যক্তিৰ নাম প্ৰাণজিত বৰুৱা । জীৱন জীৱিকা আৰু আত্মপ্ৰতিষ্ঠাৰ  সংঘৰ্ষময় যুদ্ধৰ এগৰাকী সফল আৰু অগ্ৰণী যোদ্ধা লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰপাত্ৰ গাঁৱৰ ৰঞ্জিত বৰুৱা আৰু মিতালি গগৈ বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ ২২ বছৰীয়া বিশেষভাবে সক্ষম যুৱক প্ৰাণজিত বৰুৱা। 

নিজৰ শাৰীৰিক অক্ষমতা আৰু আৰ্থিক নাটনিৰ বাবে আন দহ গৰাকী যুৱকৰ দৰে স্বাৱলম্বনৰ মৰ্য্যদাপূৰ্ণ বৃত্তিৰ পাছত দৌৰিব নোৱাৰি স্ব-গৃহতে  যুৱকজনে আৰম্ভ কৰিছে আত্ম প্ৰতিষ্ঠাৰ নিৰলস সংগ্ৰাম ।
শাৰীৰিক অক্ষমতাৰ বাবে আনৰ আশ্ৰয় নোলোৱাকৈ এখোজো আগুৱাব নোৱাৰা প্ৰাণজিতে নিজৰ কোঠাৰ ভিতৰতে গঢ়ি তুলিছে এল ই দি বাল্ব প্ৰস্তুতৰ নিজস্ব ক্ষুদ্ৰ কাৰখানা। প্ৰচণ্ড কৰ্মস্পৃহা, নিজস্ব উদ্ভাৱনী শক্তি আৰু এটা স্বাৱলম্বী মনৰ বাবে সফলতাৰ সেন্দুৰীয়া পথৰ এগৰাকী অগ্ৰণী পথিক হিচাবে পৰিচিত হৈছে এইগৰাকী  বিশেষ ভাবে সক্ষম যুৱক।

দৈন্যতা আৰু শাৰীৰিক বাধাগ্ৰস্ততায়ো  উদ্ভাৱনী  চিন্তা চেতনাৰ গতি ৰুদ্ধ কৰিব নোৱাৰা প্ৰাণজিত বৰুৱাই  ঘৰতে প্ৰস্তুত কৰি উলিয়াইছে বহুজাতিক কোম্পানীৰসতে ফেৰ মাৰিব পৰা অত্যাধুনিক এল ই ডি বাল্ব । ইউটিউবত জ্ঞানৰ অন্বেষণ কৰি চহা পিতৃৰ সঞ্চিত প্ৰায় ২৫ হাজাৰ টকাৰে ইলেকট্ৰনিক কেঁচা  সামগ্ৰী ক্ৰয় কৰি আনি প্ৰাণজিত ব্ৰতী হৈছে বৈদ্যুতিক এল ই ডি বাল্ব নিৰ্মাণত। পুঁজিপতি বহুজাতিক কোম্পানীৰ উৎপাদিত এল ই ডি বাল্বৰ সতে ফেৰ মাৰিব পৰা, গুণে মানে সমৃদ্ধ বৈদ্যুতিক বাল্ব নিৰ্মান কৰি এগৰাকী নিঃকিন, নিঃস্ব  দিব্যাংগ যুৱকে পাতনি মেলা স্ব-নিয়োজনৰ সংগ্ৰামখনে শত সহস্ৰ জনৰ দৃষ্টি  কাঢ়িছে।

বজাৰ দৰতকৈ  ৩০ শতাংশ কম দামত স্ব-উৎপাদিত প্ৰচুৰ পোহৰ সম্পন্ন এই এল ই দি বাল্ব বিক্ৰীৰ ব্যৱস্থা কৰা দিব্যাংগ যুৱকগৰাকীৰ এনে সৃষ্টিশীলতাক সন্মান জনাই বহু সংখ্যক গ্ৰাহকে ইতিমধ্যে এনে বাল্বৰ ক্রয়ৰ বাবে যোগাযোগ কৰাত আশাব্যঞ্জক সঁহাৰি লাভ কৰা বুলি জনালে প্ৰত্যয়ী যুৱক জনে।
আৰ্থিক দৈন্যতাৰ সমান্তৰাল ভাৱে শাৰীৰিক বাধাগ্ৰস্ততাই কেঁকুৰা চেপা দিয়া উদ্যমী প্ৰাণজিতৰ আত্মপ্রতিষ্ঠাৰ অনুকৰণীয় আৰু প্ৰেৰণাদায়ক পদক্ষেপত আশ্বস্ত দৰিদ্ৰ পিতৃ মাতৃৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্য মন্ত্ৰীলৈ সকাতৰ আহ্বান, জন্মৰ ৭ বছৰৰ পৰাই অকাল পঙ্গুত্বক সাৱটি লোৱা যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য পাৰে যদি আগবঢ়াওক।

ৰাজ্য চৰকাৰৰ দিব্যাংগ সমাজলৈ আগবঢ়োৱা সকলো ধৰণৰ  অনুদান আঁচনিৰ পৰা বঞ্চিত এইগৰাকী উদ্যমী,দক্ষতা সম্পন্ন আৰু প্ৰচণ্ড কৰ্মশক্তিসম্পন্ন যুৱকলৈ ৰাজ্য চৰকাৰে সুদৃষ্টি  দিয়াটো সময়ৰো আহ্বান ।  সমগ্ৰ ঢকুৱাখনাবাসীয়েও মন্ত্ৰী ডাঃ ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱাকো দাবী জনাইছে দৰিদ্ৰ সৰ্বশ্ৰান্ত পৰিয়ালটোৰ এইগৰাকী সদস্যৰ উন্নত চিকিৎসাৰ বাবে এককালীন অৰ্থ সাহায্য প্ৰদান কৰাৰ লগতে যুৱকজনৰ ক্ষুদ্ৰ শিল্পটোৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰী সাহায্য প্ৰদান কৰাৰ।