ধেমাজিৰ জ্যেষ্ঠ অগপ নেতাৰ বিয়োগত শোক…

ধেমাজিৰ জ্যেষ্ঠ অগপ নেতাৰ বিয়োগত শোক…

ডিজিটেল সংবাদ ঢকুৱাখনা:  ধেমাজি জিলাৰ অসম গণ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী,  ঢকুৱাখনা মহকুমাৰ পশ্চিম মাছখোৱা অঞ্চলত আঞ্চলিক দলটোৰ  উত্থানৰ অন্যতম চালিকা শক্তি স্বৰূপ গন্ধিয়া গাঁও নিবাসী মহেন্দ্ৰ মিলি (৬৫)ৰ  সোমবাৰে নিশা  দেহাবসান ঘটে।পশিম মাছখোৱা এলেকাত আঞ্চলিক দলটোৰ জনমুখীকৰণত আমৃত্যু প্ৰভূত বৰঙণি আগবঢ়াই যোৱা মিলিয়ে   ঢকুৱাখনা উন্নয়ন খণ্ডৰ অন্তৰ্গত গন্ধিয়া গাঁও পঞ্চায়তৰ পৰা  ২০০৮ বৰ্ষৰ পৰা ২০১৩ বৰ্ষলৈ  আঞ্চলিক সদস্য হিচাবে নিৰ্বাচিত হৈ জনসেৱা আগবঢ়াই গৈছিল।

গন্ধিয়া আঞ্চলিক গণ পৰিষদৰ উপদেষ্টা হিচাবে আমৃত্যু সেৱা আগবঢ়াই যোৱা  দলৰ জ্যেষ্ঠ নেতা মহেন্দ্ৰ মিলিয়ে নিজা বাসগৃহত স্বাভাৱিক জীৱন অতিবাহিত কৰাৰ সময়তে সোমবাৰে নিশা প্ৰায় ১-৩০ বজাত নিদ্ৰাৰত অৱস্থাতে আকস্মিক ভাৱে মৃত্যুক সাৱটি লয় । সৰৱৰহি ব্যক্তি মিলিৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ ধেমাজি বিধানসভা সমষ্টিতে শোকৰ ছাঁ পেলাইছে। 

ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষা ও ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা বিভাগৰ মন্ত্ৰী ডাঃ ৰনোজ পেগু, অসম গণ পৰিষদৰ  ভাতৃ সংগঠন যুৱ পৰিষদৰ ৰাজ্যিক সম্পাদক সমুজ্জ্বল চেতিয়া, ধেমাজি জিলা গণ পৰিষদৰ সভাপতি লক্ষীধৰ সেনচোৱা, সম্পাদক ঘন সোনোৱাল, বিধান পৰিষদৰ সভাপতি তোলন সোনোৱাল, হাৰ্হি জিলা পৰিষদৰ সদস্য টিটুমনি গোঁহাই চেতিয়া, হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণবজিত গগৈ আদিয়ে মিলিৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

মৃত্যুৰ সময়ত মিলিয়ে ৪ পুত্ৰ আৰু এগৰাকী  কন্যা সহ অজস্ৰ গুণমুগ্ধক ইস সংসাৰত এৰি থৈ গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in