কোৰোনাৰ নতুন ভেৰিয়েন্ট ‘অমিক্ৰ’ন’ক লৈ নতুন নিৰ্দেশনা…

কোৰোনাৰ নতুন ভেৰিয়েন্ট ‘অমিক্ৰ’ন’ক লৈ নতুন নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাত কোৰোনাৰ নতুন ভেৰিয়েন্ট 'অমিক্ৰ'ন' লাভ কৰাৰ পাছতে পৰা ই সমগ্ৰ বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সকলো স্থানতে নতুন কোভিডৰ এই ভেৰিয়েন্টটোক লৈ শংকিত হৈ পৰিছে। ভাৰততো কেন্দ্ৰীয় চৰকাৰে এই নতুন ভেৰিয়েন্টটোক লৈ তীক্ষ্ণ নজৰ ৰখাৰ নিৰ্দেশ দিছে। দিল্লী চৰকাৰে ইতিমধ্যে অমিক্ৰ'নক লৈ নিৰ্দেশনা জাৰি কৰিছে।

দিল্লীৰ উপ ৰাজ্যপাল অনিল বেজলে ৰাজ্যখনৰ মুখ্য সচিব, আৰক্ষী আৰু বিভাগীয় লোকৰ বিষয়াসকলক এই ভেৰিয়েন্টৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ লগতে দিয়া কেতবোৰ নিৰ্দেশবোৰ হ'ল- ৰাজহুৱা স্থান আৰু সভা-সমিতিসমুহত কোভিড প্ৰট'ক'ল পালন কৰিবই লাগিব আৰু সকলো ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ হাস্পতালসমূহ সম্পূৰ্ণৰূপে সাজু হৈ থাকিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in