গুৱাহাটী

মৃত্যুতিথিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক স্মৰণ

asomiyapratidin

ডিজিটেল ডেস্কঃ ৬ আগষ্টত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু দিন। বিশিষ্ট সাহিত্যিকগৰাকীৰ মৃত্যুতিথিত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হৈছে 'বীৰেন্দ্ৰ স্মৰণ' শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ।

দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জীৱন আৰু কীৰ্তি সামৰি এক বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণী ন্যাসৰ উদ্যোগত আৰু নৰ্থ ইষ্ট ইউনিয়ন অৱ ৱৰ্কিং জাৰ্ণেলিষ্টৰ সহযোগত অনুষ্ঠিত হ'ব এই অনুষ্ঠানটি।