কোভিড আক্ৰান্ত হ’ল ৱাশ্বিংটন সুন্দৰ…

কোভিড আক্ৰান্ত হ’ল ৱাশ্বিংটন সুন্দৰ…

ডিজিটে ডেস্কঃ কোভিড পজিটিভ হ'ল ভাৰতীয় ক্ৰিকেট দলৰ যুৱ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে যোৱাৰ পূৰ্বেই ৱাশ্বিংটন সুন্দৰৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰাত তেওঁৰ এই শৃংখলাত অংশগ্ৰহণক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে ১৯ জানুৱাৰীৰ পৰা দক্ষিণ আফ্ৰিকাত আৰম্ভ হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰথমখন এদিনীয়া। ২২ বছৰীয়া ৱাশ্বিংটন সুন্দৰে ভাৰতীয় এদিনীয়া দলৰ আন খেলুৱৈসকলৰ সৈতে মুম্বাইৰ পৰা দক্ষিণ আফ্ৰিকালৈ যোৱাৰ কথা আছিল।

দীৰ্ঘদিন ধৰি আঘাতৰ সমস্যাত ভূগি থকা ৱাশ্বিংটন সুন্দৰে আঘাতৰ সমস্যাৰ বাবেই দলৰ পৰা বাহিৰ হ'বলগীয়া হৈছিল। বিগত বছৰত ইংলেণ্ডত কাউণ্টি-ইলেভেনৰ হৈ খেলি থকাৰ মাজতে সুন্দৰ আঘাতপ্ৰাপ্ত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in