অনলাইন পাঠদানঃ কটন বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ অফলাইন পৰীক্ষা…

অনলাইন পাঠদানঃ কটন বিশ্ববিদ্যালয়ৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ অফলাইন পৰীক্ষা…
ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ে দেওবাৰে এক জাননী জাৰি কৰিছে। ৰাজ্যত ক্ৰমাৎ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশ্ববিদ্যালয়খনে জাৰি কৰিছে এই জাননী। এই জাননীযোগে কটন বিশ্ববিদ্যালয়ে কয় যে-  ১৭ জানুৱাৰীৰ পৰা  ৩১ জানুৱাৰীলৈ অনলাইনযোগে পাঠদান অনুষ্ঠিত হ'ব। কিন্তু স্নাতকৰ পঞ্চম ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকলে ২১ জানুৱাৰীত অফলাইন পদ্ধতিত পৰীক্ষা দিব লাগিব।
তদুপৰি জাননী খনত উল্লেখ কৰা হৈছে যে যিসকলে ছাত্ৰ-ছাত্ৰী কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে তেওঁলোকৰ বাবে বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। কিন্তু একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্রশ্ন উত্থাপন কৰিছে যে যিসকল পৰীক্ষাৰ্থী নগাঁও, বঙাইগাঁও, ডিমাপুৰ আদিৰ পৰা পৰীক্ষা দিবলৈ আহি তেওঁলোকৰ কথা কিয় ভবা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in