কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেলঃ বিজেপিৰ দুজনী পত্নী এজনী পাকঘৰত , আনজনী ড্ৰয়িং ৰুমত…

কোকৰাঝাৰত কংগ্ৰেছৰ সংবাদমেলঃ বিজেপিৰ দুজনী পত্নী এজনী পাকঘৰত , আনজনী ড্ৰয়িং ৰুমত…

ডিজিটেল সংবাদ কোকৰাঝাৰ : কোকৰাঝাৰ চহৰৰ ৰনেন্দ্ৰ ভৱনত শুকুৰবাৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰীকলৈ সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ কুশল শৰ্মা আৰু মনজিৎ মহন্তই ৷ শুকুৰবাৰে দুপৰীয়া কোকৰাঝাৰ ৰনেন্দ্ৰ ভৱনত আয়োজিত এক সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰদ্বয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰে ৷ তদুপৰি আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে কমেও এখন আসন পাব বুলি মন্তব্য কৰিছে । বিপিএফ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত "দুজনী ঘৈণী" বুলি মন্তব্য কৰি এজনী পাকঘৰত আৰু এজনী ড্ৰয়িং ৰুম বুলি কটাক্ষ কৰে । অনাগত সময়ছোৱাত নগাঁৱৰ ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত ৰাজ্যজুৰি ব্যাপক আন্দোলন কৰা হ'ব বুলি সংবাদমেলত সদৰি কৰিছে মনজিৎ মহন্তই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in