আটাইতকৈ বেছি বিদেশী বিতাড়িত কৰিছে কংগ্ৰেছে, দাবী বিৰোধী দলপতিৰ

আটাইতকৈ বেছি বিদেশী বিতাড়িত কৰিছে কংগ্ৰেছে, দাবী বিৰোধী দলপতিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ কংগ্ৰেছ দল অসম চুক্তিৰ প্ৰতি দায়ৱদ্ধ। সেয়ে অসমত আজিলৈকে কংগ্ৰেছ দলেই আটাইতকৈ বেছি বিদেশীক বিতাড়িত কৰিছে। মঙলবাৰে এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

মহানগৰীত আয়োজিত এখন সংবাদ মেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আৰু কয় যে তেওঁৰ দলে বিদেশীৰ নামত বৈধ ভাৰতীয় নাগৰিকৰ ওপৰত আতিশয্যা চলোৱা কাৰ্যৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰে।

'এন আৰ চিক লৈ বিভিন্ন দলে ৰাজনীতি কৰিছে। আমি তাৰ ঘোৰ বিৰোধিতা কৰিছো। বিদেশী বিতাড়ন হ'বই লাগিব। আমি সেয়াই বিচাৰো। কিন্তু তাৰ নামত স্বদেশী লোকক হাৰাশাস্তি চলোৱা কাৰ্যক কোনোপধ্যে মানি ল'ব নোৱাৰি।'-শইকীয়াই কয়।

প্ৰকৃত ভাৰতীয়ৰ যদি নাম বাদ পৰি গৈছে তেন্তে তাৰ বাবে চৰকাৰেই সম্পূ্ৰ্ণৰূপে জগৰীয়া বুলিও তেওঁ মন্তব্য কৰে। প্ৰাক্তৰ মুখ্যমন্ত্ৰী ছৈয়দা আনোৱাৰা টাইমূৰৰ নাম বাদ পৰি যোৱাতো তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।

এই সন্দৰ্ভত বিৰোধী দলপতিগৰাকীয়ে কয়, 'এন আৰ চি প্ৰস্তুতত বহুতেই আসোঁৱাহ ৰৈ যোৱা বুলি মন্তব্য কৰা আমি শুনিবলৈ পাইছো। গতিকে এন আৰ চিৰ খচৰা কিদৰে ৰূপায়ণ কৰা হ'ল সেয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ক জনাব লাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in