লক্ষ লক্ষ টকা মূল্যৰ ম্যাদ উকলি যোৱা ঔষধত অগ্নি সংযোগ চিকিৎসালয় কৰ্তৃপক্ষৰঃ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া…

লক্ষ লক্ষ টকা মূল্যৰ ম্যাদ উকলি যোৱা ঔষধত অগ্নি সংযোগ চিকিৎসালয় কৰ্তৃপক্ষৰঃ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ চিৰাং: যি সময়ত চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন দুখীয়া দৰিদ্ৰ ৰোগী তথা ৰোগীৰ আত্মীয়সকলে জীৱনদায়ী ঔষধৰ কাৰণে হাহাকাৰ কৰিব লগীয়া হয় তেনে সময়তে অসমৰে এখন চৰকাৰী চিকিৎসালয়ত লক্ষ লক্ষ টকা মূল্যৰ ম্যাদ উকলি যোৱা ঔষধ গাঁত খান্দি অগ্নি সংযোগ কৰি তাৰ পিছত পুতি পেলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে । এনে এক জঘন্য কাণ্ড সংঘটিত হৈছে চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জে এচ বি অসামৰিক চিকিৎসালয়ত।

চিৰাং জিলাৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয় চৌহদত । বৃহস্পতিবাৰে পুৱাৰ ভাগত গাঁত খান্দি ম্যাদ উকলি যোৱা ঔষধ খিনি পুতি পেলোৱাৰ যোৱা যা চলোৱাৰ খবৰ লাভ কৰি সাংবাদিক ঘটনা স্থলিত উপস্থিত হোৱাত অস্বস্তিত পৰে চিকিৎসালয় কৰ্তৃপক্ষ । খন্তেক সময়ৰ কাৰণে সাংবাদিক সকলে ঘটনা স্থলীৰ পৰা অলপ আঁতৰি আহি চিকিৎসালয়ৰ উৰ্দ্ধতন কতৃপক্ষৰ মতামত সংগ্ৰহ কৰি ওলাই অহাৰ সময়তে কাণ্ডজ্ঞানহীন ভাবে চিকিৎসালয় চৌহদৰ ভিতৰতে ম্যাদ উকলি যোৱা ঔষধ খিনিত অগ্নি সংযোগ কৰি দিয়ে ।

এই ঘটনাৰ পিছত চিকিৎসালয়খনত ক'লা ধোৱাৰে ছানি ধৰে আৰু ভয়ংকৰ প্ৰদূষণৰ সৃষ্টি কৰে । ফলত চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগী সকলো অসুবিধাৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয় ।এই সন্দৰ্ভত চিকিৎসালয়ৰ জেষ্ঠ্য চিকিৎসক পি,এন, পেটেলক প্ৰশ্ন কৰাত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহে । বহু ঔষধৰ ম্যাদৰ সময় সীমা কম থাকে, ৰোগী সকলক যোগান ধৰাৰ আগতেই কিছু ঔষধ ম্যাদ উকলি যায় যাৰ কাৰণে বাধ্য হৈ এনেদৰে জ্বলাই দিব লগাত পৰে আৰু বিভাগীয় নিয়ম নীতি অনুসৰি এই ম্যাদ উকলি যোৱা ঔষধ ধ্বংস কৰি দিয়া হয় বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।

কিন্তু চিকিৎসালয়ত বহু ৰোগী চিকিৎসাধীন হৈ আছে তেনে পৰিস্থিতিত চিকিৎসালয় চৌহদত এনেদৰে ম্যাদ উকলি যোৱা ঔষধ জ্বলাই দিয়াটো কিমান যুক্তিসংগত হৈছে বুলি প্ৰশ্ন কৰাত তেখেতে প্ৰকান্তৰে প্ৰদূষণ হোৱাৰ কথা স্বীকাৰ কৰে । ঔষধৰ ম্যাদ উকলি যোৱা সন্দৰ্ভত একাংশ লোকে অভিযোগ কৰে যে কাজলগাঁৱৰ এই জেএচবি অসামৰিক চিকিৎসালয়ৰ একাংশ চিকিৎসকে চৰকাৰী ভাবে যোগান ধৰা ঔষধৰ নাম প্ৰেস্ক্ৰিপচনত নিলিখি বজাৰত পোৱা নিৰ্দিষ্ট কোম্পানীৰ ঔষধ ৰোগীক লিখি দিয়ে।

ফলত ৰুগীৰ আত্মীয় সকলে বাধ্য হৈ পকেটৰ ধন খৰচ কৰি বাহিৰৰ পৰা ঔষধ কিনি আনিব লগীয়া হয়। যাৰ বাবে চিকিৎসালয়ৰ চৰকাৰী ভাবে যোগান ধৰা লক্ষ লক্ষ টকা মূল্যৰ জীৱনদায়ী ঔষধ গুদামতে পৰি থাকি এনেদৰে ম্যাদ উকলি যায় আৰু পিছলৈ এনেধৰণে চৰকাৰী ধন অপচয় কৰি কেতিয়াবা গাঁত খান্দি নাইবা অগ্নি সংযোগ কৰি বিনষ্ট কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in