অসম

প্ৰিয়ংকা নায়কলৈ ‘বীৰ চিলাৰায় বঁটা’

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটী: চলিত বৰ্ষৰ বীৰ চিলাৰায় বঁটা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।

ঘোষণা অনুযায়ী এইবাৰ এই বঁটা প্ৰদান কৰা হ'ব শিঙিমাৰীৰ প্ৰিয়ংকা নায়কক।

অহা ১৫ আগষ্টত খানাপাৰাত স্বাধীনতা দিৱসৰ কার্যসূচীত মুখ্যমন্ত্ৰীয়ে প্ৰিয়ংকাক নিজ হাতেৰে এই বঁটা প্ৰদান কৰিব।

উল্লেখ্য যে, কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী ছাত্ৰীয়ে NCC ৰ জৰিয়তে ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰীলংকাত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম বুটলিবলৈ সক্ষম হৈছিল৷