দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ…

দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ…

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ অধীনস্থ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা আৰ্থিক সাহায্য বুধবাৰে বিধায়ক গৰাকীয়ে আনুষ্ঠানিকভাৱে বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুজিৰ জৰিয়তে সমষ্টিটোৰ অন্তৰ্গত সাপেখাটি, লংপতীয়া, চফ্ৰাই, সোণাৰীৰ লগতে বিভিন্ন অঞ্চলৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সমষ্টিটোৰ ৭৩ টা পৰিয়াল বৰ্গক ক্ৰমে ১০ হাজাৰ, ১৫ হাজাৰ আৰু ১৮ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে।

চেক বিতৰণ কাৰ্যসূচীত এপিডিচিএলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰুহিত, অবিচিৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰাজেন গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য হৰেণ কাকতি উপস্থিত থাকে৷ অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ থকাৰ সময়তে বিধায়ক গৰাকীৰ এই মহানুভৱতাত বাৰুকৈয়ে আনন্দিত হোৱা পৰিলক্ষিত হৈছে ৰোগীসকলৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in