বুৰাৰীৰ পিছত এইবাৰ ৰাঁচীত একে পৰিয়ালৰ ৭ সদস্যৰ আত্মহত্যা

প্ৰতীকি ফটো
প্ৰতীকি ফটো

প্ৰতিদিন সংবাদ, ডিজিটেল ডেস্কঃ দিল্লীৰ বুৰাৰী কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ পোহৰলৈ আহিছে ৰাঁচীত সংঘটিত আন এক গণ আত্মহত্যাৰ ঘটনা। ঝাৰখণ্ডৰ ৰাজধানী চহৰখনৰ এটা এপাৰ্টমেণ্টত সংঘটিত হৈছে এই অঘটন। প্ৰাপ্ত বাতৰি মতে, এপাৰ্টমেণ্টটোৰ পৰা আৰক্ষীয়ে সোমবাৰে ২ শিশুসহ একেটা পৰিয়ালৰ ৭জনকৈ সদস্যৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে পৰিয়ালটোৰ মূৰব্বীজনক দীপক কুমাৰ ঝা বুলি চিনাক্ত কৰিছে।

চহৰখনত এটি আগশাৰীৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ কাৰ্যালয়ত কৰ্মৰত দীপক ঝাই এপাৰ্টমেণ্টটোত ভাৰাতীয়া হিচাপে পিতৃ-মাতৃ, ভাতৃ, পত্নী আৰু দুটি সন্তানৰ সৈতে বাস কৰি আহিছিল। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী আৰক্ষীয়ে দীপক আৰু তেওঁৰ ভাতৃৰ মৃতদেহ চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। আনহাতে বাকী সদস্যসকলৰ মৃতদেহ বিছনাত শুই থকা অৱস্থাত পোৱা গৈছে।

প্ৰাথমিক অনুসন্ধানৰ অন্তত আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক আত্মহত্যা বুলি অনুমান কৰিছে। অধিক ঋণৰ বোজাৰ বাবেই পৰিয়ালটোৱে এনেদৰে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ওচৰ-চুবুৰীয়াসকলে।

উল্লেখ্য যে এই ঘটনাটো প্ৰথমে পোহৰলৈ আনিছিল দীপক ঝাৰ কন্যাৰ এগৰাকী সহপাঠীয়ে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, অইন দিনাৰ দৰে সোমবাৰেও স্কুল ভেনখন আহি দীপক ঝাৰ পদূলিত ৰৈ হৰ্ণ দিছিল যদিও কোনো ওলাই অহা নাছিল। বহুসময় ধৰি কোনো ওলাই নহাত স্কুল ভেনখনত থকা এগৰাকী ছাত্ৰীয়ে ঘৰৰ ওচৰলৈ গৈ খিৰিকিৰে চিলিং ফেনত মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগায়। ইয়াৰ পিছতে স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সবিশেষ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in