ভয়ংকৰ! নাৱৰ ওপৰত খহি পৰিল প্ৰকাণ্ড শিলৰ স্তম্ভ, থিতাতে নিহত ৬, নিৰুদ্দেশ ২০জন লোক…

ভয়ংকৰ! নাৱৰ ওপৰত খহি পৰিল প্ৰকাণ্ড শিলৰ স্তম্ভ, থিতাতে নিহত ৬, নিৰুদ্দেশ ২০জন লোক…

ডিজিটেল ডেস্কঃ ব্ৰাজিলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এই ঘটনাত ৬জনকৈ লোকৰ মৃত্যুও হৈছে। দৰাচলতে, শনিবাৰে ব্ৰাজিলৰ এটা হ্ৰাদত প্ৰকাণ্ড শিল খহি পৰাৰ পাছত এই লোক কেইজনৰ মৃত্যু হয়। এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ব্ৰাজিলৰ মিনাছ গেৰাইজ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া এডগাৰ্ড এস্তেৱোয়ে কয় যে প্ৰকাণ্ড শিল খহি পৰাৰ ফলত ৬জন লোকৰ মৃত্যু হৈছে আৰু আন ২০জনকৈ লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। তদুপৰি আহত প্ৰায় ৩২জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা গৈছে যে- ফাৰ্নাচ হ্ৰদটোত নাৱেৰে বহু লোকে প্ৰকৃতিৰ সৌন্দৰ্যতা উপভোগ কৰি আছিল। সেই সময়তে হ্ৰাদৰটোৰ কাষত থকা পাহাৰ সদৃশ মাটিখিনিৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে নাৱৰ ওপৰত। তাৰপাছতে থিতাতে ৬জন লোকৰ মৃত্যু হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in