অসম

বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ বৰপেটাৰোড : মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি সন্ত্ৰাস চলোৱা এটা ভালুকক অবশেষত আবদ্ধ কৰিলে বন বিভাগে । ভালুকটো বাক্সাৰ খাগ্ৰাবাৰী অঞ্চলৰ এজন লোকৰ মুৰ্গীৰ গড়ালৰ পৰা বন বিভাগে আৱদ্ধ কৰে। বাঁ‌হবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম আৰু সহকাৰী বন বিষয়া অলকেশ দাসৰ নেতৃত্বত তথা বন বিভাগৰ পশু চিকিৎসকৰ এটা দলে আবদ্ধ কৰে ভালুকটোক ।

বিগত এসপ্তাহ ধৰি কালপানী, খাগ্ৰাবাৰী, বাৰেঙাবাৰী আদি অঞ্চলত সন্ত্ৰাস চলাইছিল ভালুকটোৱে । আনকি বুধবাৰে নিশা এই ভালুকটোৰ আক্ৰমণত মানাহৰ ভাতগালিত আহত হৈছিল এজন কৃষক। শুকুৰবাৰে খাগ্ৰাবাৰীৰ এঘৰ লোকৰ বাসগৃহত প্ৰবেশ কৰাৰ সময়তে বন বিভাগে ট্ৰেংকুলাইজ কৰি ভালুকটোক আবদ্ধ কৰে । পৰৱৰ্তী সময়ত ভালুকটোৰ স্বাস্থ্য পৰীক্ষা কৰি মানাহৰ মৰা গাতিৰ ঘন জংঘলত মুকলি কৰি দিয়া হয় ।