অসম

বকোৰ ১ আৰু ২ নং দিলিঙাত অসম আদৰ্শ গ্ৰাম যোজনাৰ আঁচনিৰ শুভ উদ্ধোধন কৰিলে সাংসদ কুইন ওজাই…

asomiyapratidin

ডিজিটেল সংবাদ, ছমৰীয়াঃ অসম চৰকাৰৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ জৰিয়তে অনুমোদন পোৱা কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত ১ নং আৰু ২ নং দিলিঙা গাঁৱত বৃহস্পতিবাৰে বহু কেইটা আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।আটাইকেইটা আঁচনিৰ কামৰ আধাৰ শিলা স্থাপন অনুস্থানত উপস্থিত থাকে বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱা,বকো উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া অৰ্ণৱ কুমাৰ বৰুৱাৰ উপৰিও আঁচনি ৰূপায়ণৰ কাৰিকৰী বিভাগৰ বিষয়া আৰু অভিযন্তা।

উল্লেখ্য যে, অসম চৰকাৰৰ অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত অন্তৰ্ভুক্ত হোৱা ৰাজহ গাঁও ১ নং দিলিঙা গাঁৱৰ শিছাপীঠত আৰু ২ নং দিলিঙা গাঁৱৰ নোৱাপাৰাত বৃহস্পতিবাৰে সৰ্ব মুঠ চাৰিটা আঁচনি ৰূপায়ণৰ আধাৰ শিলা স্থাপন কৰে সাংসদ গৰাকীয়ে। জানিব পৰা মতে, আদৰ্শ গ্ৰাম যোজনাৰ জৰিয়তে মুঠ ৯ টা আঁচনি গ্ৰহণ কৰে যদিও বৃহস্পতিবাৰে একাধাৰে চাৰিটা আঁচনিৰ আধাৰ শিলা স্থাপন কৰে।

ইফালে, ৭১ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত ৩ নং নোৱাপাৰা ৱাৰ্ডৰ ৱাৰ্ড সদস্যা সংগীতা বড়োই জনোৱা মতে, বৃহস্পতিবাৰে ১ নং দিলিঙা গাওঁৰ শিছাপীঠ প্ৰাথমিক বিদ্যালয়ৰ চৌহদৰ পকী বেৰ, আদৰ্শ গাঁৱলৈ অহা পথত মূল প্ৰবেশ দ্বাৰ, নোৱাপাৰাত ৰাজহুৱা বজাৰ গৃহ আৰু আধুনিক ৰূপৰ অংগণৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ শুভাৰম্ভ কৰে।

এই চাৰিওটা আঁচনিৰ আধাৰশিলা স্থাপন অনুস্থানত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক নিলোপম দাস, দক্ষিণ কামৰূপ জিলা সমিতিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, ৭১ নং পূৱ বেকেলী গাওঁ পঞ্চায়তৰ সভাপতি থুলেশ্বৰ বড়োকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী আৰু স্থানীয় ৰাইজ।উল্লেখ্য যে, সাংসদ গৰাকীয়ে একেদিনাই বকোৰ ভালুকঘাটা সত্ৰৰ অতিথিশালাৰ ও আধাৰশিলা স্থাপন কৰে।