ৰে’ল কৰ্তৃপক্ষই দাবী কৰাৰ দৰে অক্টোবৰত সম্পূৰ্ণ হ’বগৈ নে বগীবিল দলং?

ৰে’ল কৰ্তৃপক্ষই দাবী কৰাৰ দৰে অক্টোবৰত সম্পূৰ্ণ হ’বগৈ নে বগীবিল দলং?

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় আৰু ধেমাজি সংযুক্ত কৰি উজনি অসমত যোগাযোগৰ নতুন অধ্যায় সূচনা কৰিবলৈ ২০০২ চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলঙৰ নিৰ্মাণ কাৰ্য কেতিয়া সম্পূৰ্ণ হ'ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও ৰে'ল কৰ্তৃপক্ষই এই দলঙৰ উদ্বোধন ২০১৮চনৰ অক্টোবৰত সম্ভৱ হ'ব বুলি দাবী কৰিছে।

কিন্তু, এতিয়ালৈকে বগীবিল দলঙৰ ৰে'লপথ নিৰ্মাণৰ কাম যথেষ্ট বাকী আছে। ইয়াৰ পূৰ্বেও মেচেছ ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক ছাৰ্ভিছেছে দাখিল কৰা প্ৰতিবেদনত এই প্ৰকল্পৰ কাম ২০১৫চনত কাম শেষ হ'ব বুলি প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু, ১৭৬৭ কোটি টকাৰ বাজেটেৰ নিৰ্মাণ কৰা বগীবিল দলঙৰ কাম পৰৱৰ্তী সময়ত ২০১৭চনত সম্পূৰ্ণ কৰাৰ আশ্বাস দিছিল যদিও সেয়াও সম্ভৱ হৈ নুঠিল।

সেয়েহে দলঙৰ ৰে'লৱে ট্ৰেককে ধৰি, ছিগনেল ব্যৱস্থা, দলংখনৰ বিদ্যুৎ সংযোগ তথা আলোকসজ্জাকে ধৰি বহু কাম এতিয়াও বাকী আছে। লক্ষণীয় যে, এই দলংখনৰ আধাৰশিলা প্ৰথম ১৯৯৭ চনত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগোড়াই স্থাপন কৰিছিল। তাৰ পিছত পুনৰবাৰ বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰাৰ পাছত কাম আৰম্ভ হোৱাৰ পূৰ্বে তৃতীয়বাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ২০০২চনত এই দলঙৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ দলংখনত তিনিলেনযুক্ত পথ আৰু দুইলেনযুক্ত ৰেলৱে পথ থাকিব। কিন্তু, ৰাজনৈতিক কাৰণত বিভিন্ন সময়ত যি গতিত দলংখনৰ নিৰ্মাণৰ কাৰ্য হ'ব লাগিছিল সেয়া স্থবিৰ হৈ পৰা দেখা পোৱা যায়। ৰে'লৱে কৰ্তৃপক্ষই বগীবিল দলঙৰ উদ্বোধন চলিত বৰ্ষৰ অক্টোবৰত সম্ভৱ হ'ব বুলি প্ৰচাৰ চলালেও ২০১৮ৰ ডিচেম্বৰলৈকে সেয়া সম্ভৱ হোৱাৰ কোনো লক্ষণ নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in