কোৰোনাই পাইছে বিজেপিকঃ শীৰ্ষ নেতাৰ পৰা মুখ্য কাৰ্যালয়ৰ চাফাই কৰ্মচাৰীলৈ অনেকৰ দেহত সংক্ৰমণ…

কোৰোনাই পাইছে বিজেপিকঃ  শীৰ্ষ নেতাৰ পৰা মুখ্য কাৰ্যালয়ৰ চাফাই কৰ্মচাৰীলৈ অনেকৰ দেহত সংক্ৰমণ…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে কোৰোনাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰিছে। দেশৰ কেইবাজনো শীৰ্ষ ৰাজনৈতিক নেতা কোৰোনাত আক্ৰান্ত হোৱাৰ লগতে বহু চেলিব্ৰেটিকে ধৰি হাজাৰ হাজাৰ লোক কোৰোনাত আক্ৰান্ত হৈছে। কোৱা হৈছে দেশে এতিয়া কোৰোনাৰ তৃতীয় ঢৌৰ মাজৰে সময় পাৰ কৰিছে।

বিজেপিৰ শীৰ্ষ নেতা তথা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত শেহতীয়াকৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীও আক্ৰান্ত হৈছে কোৰোনাত। ইয়াৰোপৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আক্ৰান্ত হৈছে কোৰোনাত।

অতি শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কৰ্যালয়ত ৫০ গৰাকীতকৈও অধিক লোক আক্ৰান্ত হৈছে কোৰোনাত। জানিব পৰা মতে মুখ্য কাৰ্যালয়ৰ বিভিন্ন বৰ্গৰ কৰ্মচাৰী আক্ৰান্ত হৈছে কোৰোনাত। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত নিয়োজিত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰক্ষী আদিৰ দেহত সংক্ৰমণ হৈছে কোৰোনা।

উল্লেখ্য যে ৫ ৰাজ্যৰ নিৰ্বাচক কেন্দ্ৰ কৰি এই মুখ্য কাৰ্যালয়ত বিজেপিৰ অতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকৰ মাজতে মুখ্য কাৰ্যালয়ত এইদৰে কোৰোনাৰ সংক্ৰমণ ঘটাক কেন্দ্ৰ কৰি এতিয়া উদ্বেগৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in