আজি দিলীপ সৰদেশাইৰ ৭৮ সংখ্যক জন্মদিন

আজি দিলীপ সৰদেশাইৰ ৭৮ সংখ্যক জন্মদিন

ডিজিটেল ডেস্কঃ স্পিনাৰৰ বিৰুদ্ধে দুৰ্দান্ত বেটিঙেৰে চমক সৃষ্টি কৰা ভাৰতীয় ক্ৰিকেট জগতৰ উজ্বল তাৰকা দিলীপ সৰদেশাইৰ আজি ৭৮ সংখ্যক জন্মদিন।

১৯৪০ চনৰ ৮ আগষ্টত গোৱাৰ মাৰগাঁৱত জন্মগ্ৰহণ কৰা এইগৰাকী বেটছমেন এটা সময়ত বিপক্ষৰ স্পিনাৰসকলৰ বাবে সন্ত্ৰাস হৈ পৰিছিল।

১৯৭১ চনত দিলীপ সৰদেশাই ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে খেলা খেলখনত ২১২ ৰান সংগ্ৰহ কৰি সৃষ্টি কৰিছিল এক নতুন ইতিহাস। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজৰ মাটিত দলটোৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰিব পৰা নাছিল কোনো ভাৰতীয় খেলুৱৈয়ে।

এইগৰাকী মহান ভাৰতীয় ক্ৰিকেটাৰে শেষ নিশ্বাস ত্যাগ কৰিছিল ২০০৭ চনৰ ২জুলাইত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in