অসম

মেটেকা লাগিয়েই ভাগিল বৰপেটাৰ দলং

asomiyapratidin

ডিজিটেল সংবাদ, বৰপেটাঃ মেলে-মিটিঙে জনপ্ৰতিনিধি সকলে ৰাজ্যৰ উন্নয়নৰ বহু প্ৰতিশ্ৰুতি দিয়ে ৰাইজৰ আগত। কিন্তু জনপ্ৰতিনিধি সকলৰ প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যত হোৱা নাই উন্নয়নমূলক কাম-কাজ।

শেহতীয়াকৈ বৰপেটাৰ চাউলখোৱা নৈৰ ওপৰত থকা গজিয়া-কাদং জনীয়া সংযোগী কাঠৰ দলংখনে তাকেই প্ৰমাণ কৰিলে। নৈত উটি অহা মেটেকাত লাগিয়েই ভাগি পৰে এই কাঠৰ দলংখন।

আনহাতে দলংখন ভাগি পৰাৰ পাছতে এতিয়া কেইবাটাও অঞ্চলৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে। স্থানীয় ৰাইজৰ অভিযোগ যে, নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বাবেই দলংখন অতি সহজে ভাগিবলৈ পালে।বৰ্তমান এই সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ পৰা উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে।