অসম

ম’বাইলত চাৰ্জ দিওঁতে সাৱধান! বঙাইগাঁৱত মৃত্যুক সাৱটিলে যুৱকে

asomiyapratidin
  • বঙাইগাঁৱৰ বিদ্যাপুৰৰ ভাদ্ৰাগাঁৱত বিদ্যুৎপৃষ্ট হৈ যুৱকৰ মৃত্যু।
  • শুকুৰবাৰে পুৱা ৬ বজাত ম'বাইল চার্জ দিওঁতে বিদ্যুৎপৃষ্ঠ হয় যুৱকজনক।
  • মৃত যুৱকজনৰ নাম পুষ্পেশ্বৰ ৰায়।
  • উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ প্ৰৱাহিত হোৱাৰ ফলতেই এই অঘটন।
  • বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ ততাতৈয়াকৈ নিয়া হৈছিল যুৱকজনক।
  • চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক।
  • ঘটনাৰ পাছতেই অঞ্চলটোত ছিগি পৰে বিদ্যুতৰ তাঁৰ।
  • বিদ্যুৎ বিভাগৰ গাফিলতিতেই এই কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ।