ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত তৰমুজ খেতিৰে স্বাৱলম্বী ৰকি মোছাহাৰী। সুদীৰ্ঘ বছৰ ধৰি তৰমুজ খেতিৰে স্বাৱলম্বী হোৱা বাক্সাৰ মুছলপুৰৰ ৰকি মোছাহাৰীৰ কৃষিডৰা পৰিদৰ্শন কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। বৃহস্পতিবাৰে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত ৰকি মোছাহাৰীৰ তৰমুজৰ খেতি পৰিদৰ্শন কৰি বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে কয় যে, ৰকি মোছাহাৰীয়ে সম্প্ৰতি ২০ বিঘা মাটিত তৰমুজ খেতি কৰিছে। উৎপাদন কৰা এই তৰমুজসমুহ গাঁৱে-গাঁৱে বিক্ৰী কৰাৰ সুবিধা হোৱাকৈ তেওঁক এখন গাড়ীৰো ব্যৱস্থা কৰা হ'ব বুলি প্ৰকাশ কৰে বিটিআৰৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাসে। কাৰ্যবাহী সদস্য জনৰ এই পৰিদৰ্শনত আনন্দিত তৰমুজ কৃষক ৰকি মোছাহাৰী।