পানী পাইপৰ নামত খান্দিছে মহানগৰীৰ পথঃ কিন্তু পোৱা নাই পানী, যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধা জনসাধাৰণৰ…

পানী পাইপৰ নামত খান্দিছে মহানগৰীৰ পথঃ কিন্তু পোৱা নাই পানী, যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধা জনসাধাৰণৰ…

ডিজিটেল ডেস্কঃ মহানগৰীৰ বিভিন্ন পথত কেৱল এজাক বৰষুণত ডুব যোৱা বা নলাসমূহ জাৱৰেৰে ভৰি পৰাই নহয়, পানী যোগানৰ ঠিকাদাৰী প্ৰতিষ্ঠানে প্ৰায়ে খান্দি তহিলং কৰিছে ইটোৰ পাছত সিটোকৈ পথ-উপপথসমূহ। বিগত কেইবাবছৰৰ পৰা পানীৰ পাইপ বহুওৱাৰ নামত পথসমূহ খান্দি দিয়া হয় যদিও আজি পৰ্যন্ত ইয়াৰ বাসিন্দাসকলে পানী লাভ কৰা নাই।

উল্লেখ্য যে, গীতামন্দিৰ পৰা জু-ৰোডলৈ যোৱা (মাডাৰ টেৰেছা পথ) পথচোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে। এই পথটোত গীতানগৰ হাইস্কুল, প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়, কন্যা মহাবিদ্যালয়, গীতানগৰ আৰক্ষী থানা, ভাৰতীয় ষ্টেট বেংক ইত্যাদি বহুতো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান অৱস্থিত।

পানী যোগানৰ বাবে "জাইকা" প্ৰতিষ্ঠানটোৱে কেইবা বছৰৰ পৰা পানীৰ পাইপ বহুৱাৰ নামত পথটি খান্দি তহিলং কাৰ্য চলাই আছে। কেইবা স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দিছে। লগতে দমক-দমে শিল, বালি-মাটি থোৱাত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে। হাজাৰ হাজাৰ জন সাধাৰণৰ যাতায়াতৰ বাবে পথটি এতিয়া হৈ উঠিছে প্ৰায় অনুপযোগী। কেৱল সেয়াই নহয়, দিনদুপৰতে জেচিবিৰে পথ মেৰামতি কৰাৰ ফলত চানমাৰী ট্ৰাফিক পইন্টৰে অহা যোৱা কৰা লোকসকলেও ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কিয়নো চানমাৰী কলনী বাছ আস্থানৰ পৰা চানমাৰী উৰণীয়া সেঁতুলৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে। ফলত ট্ৰাফিক পইন্টৰ আগেৰে ঘূৰি যাবলগীয়া হৈছে। যাৰ ফলত এনেদৰে অসুবিধাৰ সন্মুখীন হৈছে যাতায়ত চলোৱাৰ সন্দৰ্ভত। সাধাৰণতে পথসমূহ মেৰামতি বা নিৰ্মান কাৰ্য নিশা ভাগতহে কৰা পৰিলক্ষিত হয় যদিও এতিয়া এনেদৰে দিনদুপৰতে কাম কৰিছে জাইকাই।

এই পথটোত শীঘ্রে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে লগতে পূৱ গুৱাহাটী ছাত্ৰ সন্থা আৰু জু-নাৰেংগী ছাত্ৰ সন্থাই। লগতে জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ উপদেষ্টা জিতুমণি ডেকা কয় যে- তিনি মাহৰ ভিতৰত উক্ত পথটি সম্পৰ্ণৰূপে মেৰামতি নহলে পথ অৱৰোধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ব। জু-নাৰেঙ্গী ছাত্র সন্থাৰ এটা সঁজাতি দলে কামৰূপ(মহানগৰ) জিলা উপায়ুক্তক গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী গৰাকীৰ জৰিয়তে প্ৰদান কৰে স্মাৰক পত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in