মিত্ৰ দল বিজেপিৰ দুমুখীয়া স্থিতিক সমালোচনা অতুল বৰাৰ

মিত্ৰ দল বিজেপিৰ দুমুখীয়া স্থিতিক সমালোচনা অতুল বৰাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মিত্ৰদল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ দুমুখীয়া নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰিলে অগপই। সোমবাৰে আমবাৰীৰ মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি অগপৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি তিনিটা ব্যৱস্থা বাতিলৰ বাবে দাবী জনায়।

সংবাদ মেলত অতুল বৰাই কয় যে অবৈধ বিদেশী প্ৰব্ৰজনকাৰীসকলে ভাৰতৰ জনগাঁথনি, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থাৰ প্ৰতি ভাবুকি হৈ পৰিছে। সেয়েহে এন আৰ চি প্ৰস্তুতকৰণৰ জৰিয়তে ভাৰত তথা অসম অবৈধ বিদেশী মুক্ত হওক আৰু এন আৰ চিত প্ৰকৃত ভাৰতীয় লোকে স্থান লাভ কৰক।

৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত খচৰাই অসমৰ খিলঞ্জীয়াসকলক আশ্বস্ত কৰা বুলি মন্তব্য কৰে বৰাই। বিজেপিক সমালোচনা কৰি অগপ নেতাজনে কয় যে বিজেপিয়ে এফালে নাগৰিক পঞ্জীক সমৰ্থন কৰে আৰু একেসময়তে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ প্ৰণয়নৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপনো কৰিব বিচাৰে। একেদৰে দলটোৱে ইতিমধ্যেই বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। যিকেইটা অসম চুক্তি আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ ব্যৱস্থাৰ সম্পূৰ্ণ বিৰোধী। বিজেপি চৰকাৰৰ এনে স্থিতিৰ তীব্ৰ বিৰোধিতা কৰে অগপই।

বৰাই লগতে কয়, "বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে এন আৰ চিক অসম চুক্তিৰ 'আত্মা' হিচাপে অভিহিত কৰিছে। তেওঁক আমি ধন্যবাদ জনাও। আশা কৰিছো এই 'আত্মা'ক সুৰক্ষিত কৰাৰ বাবে আপোনালোকে আগভাগ ল'ব। অসম চুক্তিৰ 'আত্মা'ক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতেই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬, বিদেশীৰ সংশোধনী নিৰ্দেশ ২০১৫, পাৰপত্ৰ জাননী ২০১৫ আৰু সহজলভ্য ভিছা ব্যৱস্থা শীঘ্ৰেই বাতিল কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক।' অন্যথাই আত্মা আখ্যা দিয়া অসম চুক্তি এনে কিছু পদক্ষেপৰ বাবে প্ৰেতাত্মা হৈ পৰিছে বুলিও কটাক্ষ কৰে অগপ নেতাগৰাকীয়ে।

লক্ষণীয়ভাৱে অসম আন্দোলনৰ পৰিণতিত জন্ম হোৱা দলটোৱে যিদৰে এন আৰ চিৰ খচৰাত অবৈধ বিদেশীৰ নাম অন্তৰ্ভূক্ত হোৱাৰ তথ্য তথা অভিযোগ উঠিছে সেই সন্দৰ্ভত অধিক সৰৱ হোৱা পৰিলক্ষিত নহ'ল। নিয়মমাফিক এই সংবাদ মেলৰ জৰিয়তে বৰাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেবাগৰাকী নেতাৰ এন আৰ চি বিৰোধী স্থিতিক সমালোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in