ৰাজহু উদ্যোগৰ মৃত্যুমুখী যাত্ৰাৰ মাজতে সুখবৰ আনিছে অসম পেট্ৰ কেমিকেলছেঃ চলিত বিত্তীয় বৰ্ষৰ প্ৰথন তিনিমাহতে কেইবা কোটি টকা লাভ

ৰাজহু উদ্যোগৰ মৃত্যুমুখী যাত্ৰাৰ মাজতে সুখবৰ আনিছে অসম পেট্ৰ কেমিকেলছেঃ চলিত বিত্তীয় বৰ্ষৰ প্ৰথন তিনিমাহতে কেইবা কোটি টকা লাভ

ডিজিটেল সংবাদ নামৰূপঃ অসম চৰকাৰৰ  অধীনস্থ  ৰাজহুৱা খণ্ডৰ  এটি লাভ জনক উদ্যোগ  অসম পেট্ৰ ৰাসায়নিক প্ৰকল্পই চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমসিকত ছয় কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে।  এই সন্দৰ্ভত বৃহস্পতিবাৰে এ পি এলৰ আলোচনা কক্ষত উদ্যোগটোৰ অধ্যক্ষ বিকুল ডেকাই সমবেত সাংবাদিকক এই কথা সদৰি কৰে । ১৯৭১ চনতে স্থাপন কৰা এ পি এলে প্ৰতিদিন এশ মেট্ৰিক টন মিঠানল উপাদানৰ লক্ষ্যৰে পঞ্চাশ বছৰ অতিক্ৰম কৰিলে বুলি উল্লেখ কৰি অধ্যক্ষ জনে কয়, যি সময়ত কোভিড পৰিস্থিতিয়ে দেশৰ উদ্যোগ খণ্ড আৰু অৰ্থনৈতিক স্থিতি দুৰ্বল কৰি লোকচানমুখী হৈ পৰিছে তেনে সময়তে অসমৰ এ পি এলে কোভিড পৰিস্থিতিত মোকাবিলা কৰি  লাভৰ মুখ দেখুওৱাৰ সমান্তৰাল ভাৱে  প্ৰায় ১৭শ কোটি টকা ব্যয় সাপেক্ষে  নিৰ্মাণৰত ৫০০ টন  মিঠানল উৎপাদন ক্ষম নতুন প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্যও সম্পূৰ্ণ কৰি তুলিলে।

ইয়াৰ লগতে শীঘ্ৰেই এই নতুন প্ৰকল্পৰ উৎপাদন কাৰ্যৰ শুভাৰম্ভ কৰিব বুলি অধ্যক্ষ জনে মন্তব্য কৰিছে।  লক্ষণীয় যে দেশত মিঠানলৰ প্ৰয়োজনীয় চাহিদাৰ মাত্ৰ ২৫ শতাংশহে  ভাৰতত উৎপাদন হয়। ৭৫ শতাংশই অন্য দেশৰ পৰা আমদানি কৰিব লগা হয় । তেনে ক্ষেত্ৰত এ পি এলত নতুন প্ৰকল্পটো উৎপাদনক্ষম  হ'লে দেশৰ এখন বৃহৎ বজাৰ দখল কৰিবলৈও সক্ষম হোৱাৰ উপৰিও সমান্তৰাল ভাৱে এ পি এলে বাৰ্ষিক নব্বৈৰ পৰা এশ কোটি টকা পৰ্যন্ত লাভ হ'ব বুলি  অধ্যক্ষ জনে কয়।

 আনহাতে এ পি এলত মিঠানল আৰু ফেমিলিনডিহাইড উৎপাদনৰ  উপৰিও ভৱিষ্যতে উদ্যোগটোৰ লগত সামঞ্জস্য থকা  নতুন প্ৰকল্প স্থাপন সন্দৰ্ভত  গৱেষণাৰ বাবে  ৰিচাৰ্ছ এণ্ড ডেভেলপমেণ্টৰ এটা শাখা শীঘ্ৰেই এ পি এলত স্থাপন হ'ব বুলি অধ্যক্ষ গৰাকীয়ে কয়। বৃহস্পতিবাৰে আলোচনা কক্ষত উপস্থিত থকা  প্ৰকল্পৰ পৰিচালন সঞ্চালক  অতুল  চন্দ্ৰ বৰ্মনে কয় যে, এটা কেমিকেল ইণ্ডাষ্ট্ৰীৰ  বয়স মাত্ৰ বিশ বছৰ । পঞ্চাশ বছৰ অতিক্ৰম কৰা প্ৰকল্পটোৰ উৎপাদন হ্ৰাস হৈ বৰ্তমান এ পি এলে  ৯৩/৯৪  মেট্ৰিক টন হে প্ৰতিদিন উৎপাদন  কৰিবলৈ সক্ষম হৈছে। এই পঞ্চাশ বছৰীয়া ইতিহাসত প্ৰকল্পটো বিভিন্ন কাৰণত লোকচানৰ সন্মুখীন হৈছিল ।

পৰিচালন সঞ্চালক গৰাকীয়ে কয় যে ২০১৯-২০২০ বৰ্ষত  প্ৰায়  ১০.৫০  কোটি  লোকচান ভৰা প্ৰকল্পটোৱে ২০২০-২০২১ বৰ্ষত  ২৪ কৌটি টকা লাভ কৰিবলৈ সক্ষম হ'ল।আৰু চলিত বিত্তীয় বৰ্ষৰ আৰম্ভণিতে  ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ অন্তৰালত বিশেষ কৈ পৰিচালন ব্যৱস্থাৰ সংশোধন, আন্তঃৰাষ্ট্ৰীয় বজাৰত মিঠানলৰ মূল্য বৃদ্ধি আৰু পূৰ্বত কৈ এক বিস্তৃত বজাৰ দখল কৰিবলৈ সক্ষম হোৱাৰ বাবেই বৰ্তমান এ পি এল পুনৰ লাভজনক উদ্যোগৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। লগতে  সম্ভাৱনা সম্পন্ন এ পি এলে  অদূৰ ভৱিষ্যতে দেশৰ উদ্যোগ খণ্ডত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ'ব বুলি  মন্তব্য কৰে  সঞ্চালক গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in