৫ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ ৰচনা অসম গ্ৰন্থমেলাত…

৫ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ ৰচনা অসম গ্ৰন্থমেলাত…

ডিজিটেল ডেস্কঃ গ্ৰন্থপ্ৰেমীৰ লানি নিছিগা সোঁত , নতুন কিতাপৰ উন্মোচনী সভা, ভিন্ন বিষয়ৰ মনোজ্ঞ আলোচনা সত্ৰ, বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচী, শিশুৰ ৰং-বিৰং আদি অনুষ্ঠানেৰে উখল মাখল হৈ থকা ১২ দিনীয়া অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিল। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাৰ পৰিৱেশ মুগ্ধ কৰা বুলি মন্তব্য কৰে জ্ঞানপীঠ বিজনী কোংকনী ভাষাৰ বিশিষ্ট সাহিত্যিক দামোদৰ মাউজোৱে।

উল্লেখযোগ্য যে, কোভিড প্ৰত্যাহ্বানৰ মাজতে গ্ৰন্থৰ বিক্ৰীয়ে ৫ কোটিৰ ঘৰ স্পৰ্শ কৰিছে। সময় চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। আজি গ্ৰন্থমেলাৰ অন্তিম দিনাও লোকাৰণ্য হৈ পৰে চানমাৰি বাকৰি। বিগত ১১ দিনৰ তুলনাত আজি অধিক গ্ৰন্থ বিক্ৰী হয় অসম গ্ৰন্থমেলাত।

আজি অসম গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী গৰিমা শইকীয়া গাৰ্গে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী। অনুষ্ঠানত গীত পৰিবেশন কৰে আশ্বাস আয়ুস্মান, ৰাজকুমাৰী ফাল্গুনী, ৰাজশ্ৰী বৰকাকতি, সংস্কৃতা মালমাকাৰ, শতাব্দী খাটনিয়াৰ আৰু অসীম ৰঞ্জনে। অনুষ্ঠানত ক্ৰিয়েটিভ ডান্স একাডেমিৰ শিল্পীসকলেও নৃত্য পৰিবেশন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in