মুখ্য-পৃষ্ঠা

প্ৰধানমন্ত্ৰীৰ ভাষণ

asomiyapratidin

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এক জটিল ক্ষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিদিনীয়া ভ্ৰমণসূচী লৈ আমেৰিকাত উপস্থিত হৈছে। জ' বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছত প্রথমবাৰলৈ শাৰীৰিকভাৱে তেওঁৰ মুখামুখি হ'ব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কোভিড মহামাৰীৰ বাবে প্রধানমন্ত্ৰীয়ে বিগত কেইটামান মাহ বিদেশ ভ্ৰমণৰ পৰা বিৰত আছিল। যোৱা মাৰ্চ মাহত তেওঁৰ বাংলাদেশ ভ্ৰমণেই আছিল সেই ক্ষেত্ৰত শেহতীয়া কাৰ্যসূচী। তাৰপাছৰ পৰা বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলৰ লগত বিভিন্ন উপলক্ষত প্রধানমন্ত্ৰীয়ে ভাৰ্চুৱেল বৈঠক কৰিছে। এইবাৰ পোনে পোনে প্রধানমন্ত্ৰীয়ে হোৱাইট হাউছত জ' বাইডেনক আনুষ্ঠানিক সাক্ষাৎ কৰিব।

নিৰ্ধাৰিত ভ্ৰমণসূচী মতে, প্রধানমন্ত্ৰীয়ে মাৰ্কিন উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ লগতে আগশাৰীৰ মাৰ্কিন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও বৈঠক অনুষ্ঠিত কৰিব। যোৱা সময়চোৱাত জ' বাইডেনৰ লগত প্রধানমন্ত্ৰী মোডীৰ নিয়মীয়া যোগাযোগ অব্যাহত আছিল যদিও এইবাৰৰ কায়িক বৈঠক সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অতি গুৰুত্বপূৰ্ণ। তদুপৰি কোৱাড বৈঠকত অংশগ্ৰহণ  আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতৰ প্রধানমন্ত্ৰীগৰাকীৰ ভাষণলৈ বিশ্ব সম্প্ৰদায়ে লক্ষ্য ৰাখিব। নিশ্চিতবাৱে দুয়োখন বৈঠকতে আফগানিস্তানৰ প্ৰসংগ উত্থাপিত হ'ব। কোৱাড হৈছে ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজৰ চতুৰ্ভুজীয় সংস্থা, যাৰ জৰিয়তে মুলতঃ এছইয়া আৰু উপ মহাসাগৰীয় অঞ্চল ভিত্তিত ন্যূনতম সাধাৰণ কাৰ্যসূচী ৰূপায়নৰ আঁচনি প্ৰস্তুত কৰা হয়।

কিছু বছৰ আগতে এই আন্তঃৰাষ্ট্ৰীয় সংস্থাটো গঠন হৈছিল। স্বাভাৱিকতেই কোৱাডৰ মূল লক্ষ্য হৈছে এছিয়াৰ সৰ্ববৃহৎ শক্তি চীনক প্ৰতিহত কৰাৰ জোখাৰে চাৰিওখন ৰাষ্ট্ৰৰ মাজত কূটনৈতিক সম্পৰ্ক দৃঢ় কৰা। আকৌ অকাছ নামৰ আন এটা আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংক্ৰান্তীয় মৈত্ৰী অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইংলেণ্ডৰ মাজত স্থাপন হৈছে। ইয়াৰ জৰিয়তে তিনিওখন ৰাষ্ট্ৰৰ সামৰিক সহযোগিতাৰ এক নতুন অধ্যায় ৰচনা কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই ত্ৰিপাক্ষিক নিৰাপত্তা চুক্তি স্বাক্ষৰ হৈছিল মাত্ৰ কিছুদিন আগতে। অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্ৰী স্কট মৰিছন, ব্ৰিটিছ প্রধানমন্ত্ৰী বৰিছ জনছন আৰু মাৰ্কিন ৰাষ্ট্ৰপতি জ' বাইডেনে যৌথভাৱে অকাছ চুক্তিৰ কথা ঘোষণা কৰিছিল। দৰাচলতে অকাছৰ প্রধান উদ্দেশ্যই হৈছে বিস্তীৰ্ণ মহাসাগৰীয় অঞ্চলত চীনৰ সৰ্বাত্মক প্ৰভাৱক প্ৰতিহত কৰা। তিনিওজন ৰাষ্ট্ৰপ্রধানে মুকলিভাৱে ঘোষণা নকৰিলেও এই কথা স্পষ্ট হৈছে যে মহাসাগৰ উপসাগৰীয় অঞ্চলৰ কৃত্ৰিম চোৰাংচোৱা ক্ষেত্ৰসমূহৰ লগতে চাইবাৰ যুদ্ধক্ষেত্ৰত প্ৰতীয়মান হোৱা চীনৰ প্ৰভুত্বক মোকাবিলা কৰিবলৈ সেই চুক্তিৰ কৰ্মসূচী তৈয়াৰ হৈছে। কোৱাডৰ সৈতে ভাৰতৰ স্বাৰ্থ জড়িত হৈ আছে।

আকৌ অকাছৰ দৰে চুক্তিৰে সমগ্ৰ এছিয়াত মাৰ্কিন আধিপত্য বিস্তাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। সেই অৰ্থত প্রধানমন্ত্ৰী মোডীয়ে ভাৰতৰ কূটনৈতিক বিচক্ষণতা প্ৰতিষ্ঠা কৰিব পাৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিৰ লগত ভাৰত মাৰ্কিন দ্বিপাক্ষিক বিষয়বোৰ চৰ্চা কৰাৰ লগতে অষ্ট্ৰেলিয়া আৰু জাপানৰ লগতো পৃথকভাৱে আলোচনাত বহিব। জ' বাইডেনৰ সৈতে হ'ব লগা বৈঠকত আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰতিৰক্ষা আৰু ব্যৱসায় বাণিজ্যক কেন্দ্ৰ কৰি উন্মোচিত ভাৰতৰ সম্ভাৱনাৰ দিশবোৰ পৰ্যালোচনা কৰা হ'ব বুলি কোৱা হৈছে। কিন্তু মুল কথাটো হৈছে কোভিড মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা আৰ্থ সামাজিক বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশ এখনে সন্মুখীন হোৱা তীব্ৰ প্ৰত্যাহ্বানৰ সমান্তৰালকৈ আফগানিস্তানৰ শেহতীয়া ৰাজনৈতিক পৰিবৰ্তনৰ ফলত সমগ্ৰ দক্ষিণ পূব এছিয়াত উদ্ভৱ হোৱা একধৰণৰ অস্থিৰতাৰ ক্ষেত্ৰত ভাৰতে মাৰ্কিন যুক্তৰাষ্ট্ৰক আগত দিনবোৰত এক বিশ্বাসযোগ্য মিত্ৰ হিচাপে গণ্য কৰিবলৈ সক্ষম হ'ব নে নহয়?

এইক্ষেত্ৰত ভাৰত মাৰ্কিন আৰু বেইজিং প্ৰশাসনৰ মাজত থকা অৰিয়াঅৰিক নিজ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰাৰ সুযোগ ল'ব লাগিব। অৰ্থনৈতিক বিশ্বত চীনে যি আগ্ৰাসী ভূমিকাত অৱতীৰ্ণ হৈছে, এই মুহূৰ্তত ভাৰতে তাক প্ৰত্যাহ্বান জনোৱাৰ কোনো পৰিৱেশ নাই। বৰং বহুক্ষেত্ৰত চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰিছে ভাৰত। সেইফাৰ পৰা চাবলৈ গ'লে পাকিস্তান, নেপাল, ভূটান অথবা শেহতীয়াভাৱে আফগানিস্তানক চীনৰ কূটনৈতিক সফলতাৰ দিশবোৰ ভাৰতে সঠিকভাৱে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। আমেৰিকাই চীনৰ বিৰুদ্ধে কূটনৈতিক কৰণত অৱতীৰ্ণ হোৱা আৰু ভাৰতে তাৰ সমৰ্থন বা বিৰোধিতা কৰাটো একেই পৰ্যায়ৰ বিষয় নহয়। নতুন দিল্লীয়ৈ নিজাববীয়াকৈ মাৰ্কিন মহলৰ লগত দ্বিপাক্ষিক বিষয়বোৰৰ সমাধান সূত্ৰ এনেদৰে উলিয়াব লাগিব , যাতে তাৰ দ্বাৰা ভাৰতৰ সৈতে থকা এছিয়াৰ বৃহৎ শক্তিবোৰৰ সুসম্পৰ্ক ব্যাহত নহয়। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে যে আমেৰিকা বা ইংলেণ্ডৰ দৰে পাশ্চাত্যৰ সাম্ৰাজ্যবাদী দেশবোৰে ভাৰতকে সুযোগ বুজি আঘাত কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰি আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণৰ ঠিক আগমুহূৰ্তত ভাৰতত তৈয়াৰ কোভিড ভেকচিন লৈ ইংলেণ্ডত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত ভাৰতীয় সকলক চৰ্ত বান্ধি দিয়াৰ কথা ঘোষণা কৰা হৈছিল। পাছলৈ যেনিবা সেই ঘোষণা প্ৰত্যাহাৰ কৰিবলৈও বাধ্য হৈছিল। কিন্তু কোনো এটা ক্ষেত্ৰতে সেই দেশবোৰে ভাৰতৰ স্বাৰ্থক আগস্থান দিয়াৰ পক্ষপাতী নহয়। প্ৰধানমন্ত্ৰী মোডীয়ে পূৰ্বতে বহুবাৰ আমেৰিকালৈ গৈ ভাৰতৰ সদিচ্ছাৰ কথা দোহাৰিছে। মাৰ্কিন কোম্পানীৰ লগত ব্যৱসায় বাণিজ্যক লৈ আলোচনাও কৰিছে। কিন্তু সেইবোৰৰ কাৰ্যকৰী ফল নোলাল। এইবাৰ জ' বাইডেন প্ৰশাসনক প্রধানমন্ত্ৰী মোডীয়ে কিদৰে ভাৰতৰ সদিচ্ছা আৰু সম্ভাৱনাক লৈ আশ্বস্ত কৰিব পাৰে, সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব।