ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত চাওলুং চুকাফাক সশ্ৰদ্ধ স্মৰণ…

ঐতিহাসিক চৰাইদেউ মৈদামস্থলীত চাওলুং চুকাফাক সশ্ৰদ্ধ স্মৰণ…

ডিজিটেল সংবাদ চৰাইদউঃ সাতৰাজ সামৰি এক ৰাজ কৰি বৰ অসমৰ ভেটি গঢ়োতা চাওলুং চুকাফাক সুঁৱৰি ২ ডিচেম্বৰত সমগ্ৰ ৰাজ্যত অনুষ্ঠিত কৰা হয় চুকাফা দিৱস অথবা অসম দিৱস। অন্য প্ৰান্তৰ লগতে ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগনটো  উদযাপন কৰা হয় অসম দিৱস ৷  আটাছু চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত দিৱসৰ পুৱা বৰঅসমৰ প্রতিষ্ঠাতা চাওলুং চুকাফাৰ সমাধিক্ষেত্ৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে সোনাৰি সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

ইয়াৰ পিচত  চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগেলগেই  মৈদাম প্ৰাংগনত আহোমৰ ৰীতি নীতিৰে পৰম্পৰাগতভাৱে পুলিন পুথাও সকললৈ শ্ৰদ্ধা জনাই বানফি পূজা আৰম্ভ কৰে টাই পুৰুহিত হীৰেন ফুকনে ৷ ইফালে চৰাইদউ সোণাৰি ভাগৱতী প্ৰসাদ সোঁৱৰণি খেলপথাৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয়ভাৱে অসম দিৱস উদযাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in