চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ, পানী টেংকীৰ ওপৰত উঠা শিক্ষকৰ কাষত কেজৰিৱাল…

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ, পানী টেংকীৰ ওপৰত উঠা শিক্ষকৰ কাষত কেজৰিৱাল…

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে শনিবাৰে পঞ্জাৱৰ মোহালীত উপস্থিত হয়। মোহালীত চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে পানীৰ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ কৰা শিক্ষকসকলৰ কাষত উপস্থিত হয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। কেজৰিৱালে আশ্বাস দিয়ে যে যদি পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয় তেন্তে যিসকল শিক্ষকৰ চাকৰি বৰ্তমানলৈ নিয়মীয়াকৰণৰ কৰা হোৱা নাই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা হ'ব।

কেজৰিৱালে মোহালীত প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষকসকলৰ কাষত থিয় হৈ তেওঁলোকৰ দাবী সমূহ অতি গম্ভীৰ্যতাৰে শুনে। তেওঁ কয়- আপোনালোকৰ সমস্যাসমূহৰ সমাধান কৰা হ'ব। তদুপৰি পানীৰ টেংকীৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষককো তললৈ নামি আহিবলৈ অনুৰোধ জনাই অৰবিন্দ কেজৰিৱালে। ইফালে, আপৰ সাংসদ ভগৱন্তই কয়- শিক্ষকৰ স্থান বিদ্যালয়তহে, প্ৰতিবাদস্থলী বা টেংকীৰ ওপৰত নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in