সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা…

সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা…

ডিজিটেল সংবাদ, নগাঁও: অৰুণাচলৰ বিধায়ক হত্যাৰ এক ঘটনাই দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছিল৷ এন এছ চি এনৰ (আই এম) গোটে প্ৰদেশখনৰ প্ৰাক্তন বিধায়ক তিৰঙ আবুহক (Tirong Aboh) গুলীয়াই হত্যা কৰাৰ লগতে এক মাত্ৰ সন্তানটোকো হত্যা কৰিছিল৷ ত্ৰিৰাপ জিলাৰ বগাপানী গাৱঁত এনপিপিদলৰ বিধায়কজনৰ কনভয়ৰ ওপৰত আক্ৰমন চলাই এন এছ চি এনে সৰ্বমুঠ এঘাৰ জন লোকক হত্যা কৰিছিল৷ ২০১৯ চনৰ ২১ মে'ত সংঘটিত এই ঘটনাৰে জড়িত আছিল এন এছ চি এনৰ ডেপুটী কামাণ্ডেণ্ট আৰ কে হকিনচন৷

নিয়াই এই ঘটনাৰে জৰিত হকিনচনক তেতিয়াৰ পৰা বিচাৰি আছিল৷ সিমানে নহয় আৰ কে হকিনচনক ভাৰতৰ অনুসন্ধানকাৰী সন্থাই ২০১২ চনতে ম'ষ্ট ৱাণ্টেড ঘোষণা কৰিছিল৷ বৰ্তমান সেইজন আৰ কে হকিনচন নগাঁও আৰক্ষীৰ জিম্মাতে চিকিৎসাধীন হৈ আছে৷ ড্ৰাগছ সৰবৰাহকাৰী বুলি নগাঁও আৰক্ষীৰ হাতত ধৰা পৰা আৰ কে হকিনচন যে ইমান কুখ্যাত নগাঁও আৰক্ষীয়ে প্ৰথম গ্ৰেপ্তাৰৰ কৰাৰ সময়ত জানিব কৰা নাছিল৷

আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লোৱাৰ সময়ত গুলীবিদ্ধ হোৱা হকিনচনক জেৰা কৰাৰ পিছত এটাৰ পিছত এটাকৈ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ্ৰ মিশ্ৰই নগাৱঁৰ সংবাদকৰ্মীৰ আগত কুখ্যাত মষ্ট ৱান্টেড আৰ কে হকিনচনক ৰাষ্ট্ৰীয় তদন্তকাৰী সংগঠন নিয়াই জেৰা কৰিব বুলি উল্লেখ কৰি কয় যে নিয়া হাতত গোচৰ আছে ৷ নিয়াৰ দল জেৰাৰ বাবে আহিব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in