এ পি এছ চি কেলেংকাৰীঃ ১ কোটি ঘোচ লোৱা ন্যায়াধীশৰ পত্নী আৰু মধ্যভোগী কংগ্ৰেছী নেতা-দালালৰ বিচাৰ কেতিয়া?

এ পি এছ চি কেলেংকাৰীঃ ১ কোটি ঘোচ লোৱা ন্যায়াধীশৰ পত্নী আৰু মধ্যভোগী কংগ্ৰেছী নেতা-দালালৰ বিচাৰ কেতিয়া?

ডিজিটেল ডেস্কঃ ৰাজ্য জোকাৰি যোৱা এ পি এছ চি কেলেংকাৰীৰ ন ন তথ্য নিতৌ পোহৰলৈ আহিছে। এই কেলেংকাৰীৰ সৈতে শেহতীয়াকৈ সাঙুৰ খাই পৰিছে কংগ্ৰেছৰ এজন প্ৰভাৱশালী নেতাৰ নাম। ছিণ্ডিকেট চেকগেটৰ সৈতে জড়িত হৈ কংগ্ৰেছ শাসনত থকা সময়ত কোটি কোটি ক'লা ধনৰ গৰাকী হোৱা এই কংগ্ৰেছ নেতাজনে আনকি ধন প্ৰভাৱত সংবাদ মাধ্যমৰ লোককো মেনেজ কৰাৰ চেষ্টা চলাইছে।

এ পি এছ চি কেলেংকাৰীত শেহতীয়াকৈ পোহৰলৈ অনা তথ্য অনুসৰি এই গোচৰত অভিযুক্ত হোৱা ৩৪জন এ পি এছ/এ চি এছ বিষয়াক উৎকোচৰ বাবে এজন বিশেষ ন্যায়াধীশৰ পত্নীক ১ কোটি টকা উৎকোচ আদায় দিয়া বুলি স্বীকাৰ কৰিছে দালাল সুৰজিৎ চৌধুৰীয়ে। কিন্তু তেওঁলোকে ধন লৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট নহ'লেও  সেই বিশেষ ন্যায়াধীশজনৰ পত্নীৰ হাতত এই ধন দিয়া বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল। সুৰজিৎ চৌধুৰী নামৰ এজন দালালে শৈলেন্দ্ৰ কুমাৰ শৰ্মা নামৰ অধিবক্তা এজনৰ জৰিয়তে ধন আদায় দিয়া কথা স্বীকাৰ কৰিছে আৰক্ষীৰ সন্মুখত।

বিশেষ ন্যায়াধীশজনৰ দ্বাৰা এ পি এছ চি কেলেংকাৰীত অভিযুক্ত ৩৪জনৰ  জামিন মঞ্জুৰ কৰিবলৈ  বুলি এই ধন সুৰজিৎ চৌধুৰীয়ে সংগ্ৰহ কৰি আদায় দিয়াৰ অভিযোগ উঠাৰ পাছতেই আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছিল। সেই তদন্তত টেলিফোন টেপিং আৰু ফৰেনচিক পৰীক্ষাৰ অন্তত এই কথা সঁচা বুলি প্ৰমাণিত হৈছে। লক্ষণীয় যে, দণ্ডাধীশ হিচাপে কৰ্মৰত বিশেষ ন্যায়াধীশগৰাকীৰ পত্নীয়ে ধন লোৱা বুলি আৰক্ষীৰ আগতো জেৰাত স্বীকাৰ কৰিছে সুৰজিৎ চৌধুৰী আৰু অধিবক্তা শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই।

অসৎ উপায়েৰে জামিন ল'বলৈ চেষ্টা কৰা এই দালাল দুজনে উৎকোচ দিয়া বুলি আৰক্ষীয়ে প্ৰায় নিশ্চিত হোৱাৰ পাছতো কিন্তু এতিয়ালৈকে বিশেষ ন্যায়াধীশ গৰাকীৰ সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইফালে, এই সন্দৰ্ভত উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰা নাই আৰক্ষীয়ে। ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে উত্থাপিত এই উৎকোচ অভিযোগত উপযুক্ত তদন্তৰ প্ৰয়োজন যদিও তেনে পদক্ষেপ এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই।

প্ৰণিধানযোগ্য যে, বিশেষ ন্যায়াধীশগৰাকী কংগ্ৰেছৰ এই নেতাজনৰ ভণী-জোৱাই হোৱাৰ সূত্ৰেই এই ঘটনা গাপ দিবলৈ ইতিমধ্যে ধনৰ জোৰেৰে চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছ নেতাজনে। আৰক্ষীয়ে শৰ্মা বৰুৱা আৰু চৌধুৰী নামৰ দালাল দুজনৰ টেলিফোনিক বাৰ্তালাপৰ পমখেদি এ পি এছ চি কেলেংকাৰীৰ জামিনৰ নামত সংঘটিত এই উৎকোচ কেলেংকাৰী ধৰা পেলাইছিল।

তেওঁঁলোকৰ কণ্ঠস্বৰ কাহিলীপাৰা ফৰেনচিক বিজ্ঞানগাৰলৈ প্ৰেৰণ কৰিছিল আৰু সেয়া তেওঁলোকৰ কণ্ঠস্বৰ বুলি ইতিমধ্যে নিশ্চিত হৈছে। ডিব্ৰুগড় আৰক্ষীয়ে আদালতত জমা দিয়া অভিযোগনামাতো এই কথা স্পষ্টভাৱে উল্লেখ আছে।

ওদালগুৰিত এই ধনৰ লেন-দেন কৰাৰ কথা উল্লেখ কৰা হৈছে অভিযোগনামাত। আৰক্ষীয়ে এই সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছিল। এণ্টি কৰাপশ্যন এক্ট ১৯৮৬ অনুসৰি উৎকোচ দিয়া আৰু লোৱা দুয়োজনে সমানে অপৰাধী যদিও এনে এক বৃহৎ কেলেংকাৰীৰ তদন্ত হৈ থকা সময়তে এজন ন্যায়াধীশৰ বিৰুদ্ধে স্পষ্ট অভিযোগ উঠাৰ পাছতো এতিয়ালৈকে আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা।

২০১৬চনত এই এ পি এছ চি কেলেংকাৰী প্ৰথম পোহৰলৈ আহিছিল। ডাঃ অংশুমিতা গগৈৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে এই কেলেংকাৰীৰ তদন্ত কৰি এ পি এছ চিৰ সেই সময়ৰ অধ্যক্ষ ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিছিল। দন্ত চিকিৎসকগৰাকীৰ নিযুক্তিৰ বাবে নৱকুমাৰ পাটিৰ নামৰ এজন দালালৰ জৰিয়তে ধন দাবী কৰা ঘটনাই পোহৰলৈ আনিছিল এই কেলেংকাৰী।

ডিব্ৰুগড় আৰক্ষীয়ে ৯৩৬/২০১৬ নম্বৰ গোচৰ ৰুজু কৰি এই তদন্ত আৰম্ভ কৰিছিল। ভাৰতীয় দণ্ডবিধি ৭/১৩(১)(বি)(ডি)(২)পি চি এক্ট আৰ/ডব্লিউ ছেকশ্যন ১২০(বি)/৪২০ আই পি চি ধাৰা অধীনত এই গোচৰৰ তদন্ত চলাই আছে আজিও।

ইফালে, এ পি এছ চিৰ কেলেংকাৰীৰ সৈতে জড়িত মুল অভিযুক্ত ৰাকেশ পালক গ্ৰেপ্তাৰ কৰা হ'ল যদিও,  এতিয়াও এই দুৰ্নীতিৰ সৈতে জড়িত কেবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই। তাৰ ভিতৰত ৰাকেশ পালৰ ভাতৃৰ সন্ধান আজিও পোৱা নাই আৰক্ষীয়ে।

আনহাতে, এই বৃহৎ কেলেংকাৰীৰ সৈতে ৰাজনৈতিক নেতা-মন্ত্ৰী জড়িত থকাতো প্ৰায় নিশ্চিত যদিও তেওঁলোককো তদন্তৰ আওতালৈ অনা নাই আৰক্ষীয়ে। কেৱল ৰাকেশ পালকে লক্ষ্য কৰি লৈ ধন দি চাকৰি লোৱা প্ৰাৰ্থীসকলক জেললৈ নিক্ষেপ কৰাতেই এই তদন্তৰ অন্ত পৰিব নেকি বুলিও চৰ্চা হৈছে।

মন কৰিব লগা যে, ধন দি চাকৰি লোৱা এ পি এছ চি, এ চি এছ বিষয়াসকলৰ মাজত আছে বহু কেইজন মেধাবী ছাত্ৰ-ছাত্ৰী। অভিভাৱকে সেই ধন দি পুত্ৰ বা কন্যাক চাকৰি দিছিল। সেই ধনৰ উৎসৰ সন্দৰ্ভতো হোৱা নাই কোনো তদন্ত।

আনহাতে, এনেদৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলত থকা বিষয়া সকলৰ নিযুক্তি অবৈধ বুলি গণ্য কৰাৰ পাছত তেওঁলোকে চাকৰি কালত যিবোৰ চৰকাৰী কাম সম্পাদন কৰিছিল, সেইবোৰ কেনেকৈ বৈধ হ'ব বুলি প্ৰশ্ন উত্থাপন হৈছে।

এ পি এছ চি কেলেংকাৰীৰে জড়িত সকলৰ লগতে ধন দি চাকৰি লোৱা প্ৰাৰ্থীসকলৰ ভৱিষ্যত এতিয়া প্ৰায় অন্ধকাৰ। এনে পৰিস্থিতিত এ পি এছ চি কেলেংকাৰীৰ তদন্ত উত্তৰ কাছাৰ কেলেংকাৰী সদৃশ হ'ব নেকি বুলিও সন্দেহ হৈছে ৰাইজৰ। কিয়নো হাজাৰ কোটিটকীয়া উত্তৰ কাছাৰ কেলেংকাৰীতো  সেই সময়ৰ কেবাজনো প্ৰভাৱশালী মন্ত্ৰীৰ নাম উচ্চাৰণ হৈছিল।

এই প্রভাৱশালী নেতা-মন্ত্ৰীসকলক বৃহৎ কেলেংকাৰীৰ তদন্তই সামৰি ল'ব নোৱাৰিলে। এতিয়া তেনে মন্ত্ৰী চৰকাৰী প্ৰশাসন যন্ত্ৰৰ শক্তিশালী অংশীদাৰ হৈয়ে মন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে। আৰ এছ খানকে মুখ্য অপৰাধী কৰি এই কেলেংকাৰীৰ তদন্ত সামৰাৰ দৰে এ পি এছ চি কেলেংকাৰীৰো ৰাকেশ পালকে মুখ্য অপৰাধী সজাই বাকীবোৰক সাৰি যাবলৈ দিব নেকি বুলিও ৰাইজে চৰ্চা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in