অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল…

অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল…

ডিজিটেল ডেস্কঃ সমগ্ৰ অসম চাঞ্চল্য সৃষ্টিকাৰি ছাত্ৰ নেতা অনিমেষ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিলে আৰক্ষীয়ে। ৮৮০ পৃষ্ঠাৰ এই চাৰ্জশ্বিটত মুঠ ১৩ গৰাকী ব্যক্তিক অভিযুক্ত কৰা হৈছে। উল্লেখ্য যে অনিমেষ হত্যাকাণ্ডৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল। এই তদন্তকাৰী গোটে সমগ্ৰ ঘটনাৰ তদন্ত কৰি ৮৮০ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিলে।

আৰক্ষীয়ে এই ঘটনাৰ বাবে ১৫ জন ব্যক্তিক আটক কৰিছিল। ইয়াৰে এগৰাকী অভিযুক্ত ক'লা ল'ৰা অৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাত আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হৈছিল। আনহাতে জীৱিত অৱস্থাত থকা ১৪ জনকে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল। আনহাতে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সুভাষ বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে কোনো প্ৰামাণিক তথ্য আৰক্ষীয়ে লাভ নকৰিলে। সেয়েহে তেওঁৰ নাম চাৰ্জশ্বিটৰ পৰা আঁতৰাই ৰাখিছে।

ইফালে ১৪ জন অভিযুক্তৰ মাজত আছে এগৰাকী কিশোৰো আছিল। যাৰ বয়স ১৮ বছৰৰ তলত। সমগ্ৰ ঘটনাৰ বাবে মুঠ ৭৬ গৰাকী ব্যক্তিৰ পৰা সাক্ষ গ্ৰহণ কৰিছিল। আৰক্ষীয়ে সদৰী কৰা মতে এক শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছে। উল্লেখ্য যে আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ ক্ষেত্ৰত ফৰেনছিক তদন্তৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। যিসমূহ ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ' বোৰ ফৰেনছিক গৱেষণাগৰলৈ প্ৰেৰণ কৰি তাৰ পৰা বহু তথ্য আহৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in