ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন…

ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন…

ডিজিটেল ডেস্কঃ দেশৰ যিসকল উদ্যোগি প্ৰায়ে চৰ্চাত থাকে তাৰ মাজত অন্যতম আনন্দ মহিন্দ্ৰা। মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই বিভিন্ন সময়ত দেশৰ যিসকল প্ৰকৃত নায়ক তেওঁলোকক উৎসাহিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অলিম্পিকত পদক প্ৰাপ্ত খেলুৱৈক বিলেসী বাহন উপহাৰ দিয়াৰ লগতে বিভিন্ন সময়ত নিজৰ কৰ্মৰাজিৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা বহু খেলুৱৈক উপহাৰ হিচাপে আগবঢ়াইছে মহিন্দ্ৰাৰ বিলাসী বাহন।

এইবাৰ পুনৰ এইগৰাকী উদ্যোগি আহিছে চৰ্চালৈ। টকিঅ'ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত স্বৰ্ণ পদক জয়ৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনা অৱনী লেখাৰালৈ আনন্দ মহিন্দ্ৰাই আগবঢ়াইছে এখন বিশেষ বাহন। মহিন্দ্ৰাই শেহতীয়াকৈ বজাৰত মুকলি কৰা XUV700 গ'ল্ড এডিছন বাহনখন অৱনীলৈ আগবঢ়াইছে।

এই বাহনখন বিশেষভাৱে সক্ষমসকলৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বিশেষভাৱে নিৰ্মাণ কৰা হৈছে। এই বাহনখনত সন্মুখত আছে বিশেষ আসন। ইয়াত আছে দুটা ফাংচন প্ৰথমটো ফৰৱাৰ্ড আৰু আনটো ৰিটাৰ্ণ। এই ফাংচনৰ দ্বাৰা বিশেষভাৱে সক্ষম লোকসকলক সহজতেই বাহনখনৰ ভিতৰলৈ প্ৰৱেশ কৰাৰ লগতে বাহনখনৰ ভিতৰৰ পৰা নমাটো সহজ কৰি তোলে। বিশেষ ভাৱে সক্ষমসকলৰ বাবে নিৰ্মাণ কৰা এই বাহনখন লাভ কৰি অত্যন্ত সুখী হৈ পৰিছে অৱনী লেখাৰা। তেওঁ এই উপহাৰৰ বাবে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষগৰাকীক ধ্যবাদ জনাইছে।

উল্লেখ্যে যে টকিঅ' পেৰা অলিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ ষ্টেণ্ডিং এছ এইচ-১ ফাইনেলত স্বৰ্ণ পদক লাভ কৰিছিল অৱনী লেখাৰাই। অৱনীৰ এই স্বৰ্ণ পদকেই আছিল পেৰা অলিম্পিকৰ ইতিহাসত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in