অসম

সদৌ অসম আন্তঃ ক্লাব টাং-চু-ডু প্ৰতিযোগিতা সম্পন্ন..

asomiyapratidin

ডিজিটেল ডেস্কঃ আই টি এফ টাংচু-ডু স্প'ৰ্টছ এচ'ছিয়েচন অফ আছাম (ITF Tang soo do sports association of Assam) ৰ উদ্যোগত দেওবাৰে দিনৰ ১০ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ টি আও ইণ্ডৰ ষ্টেডিয়ামত সদৌ অসম আন্তঃক্লাব টাংচু-ডু প্ৰতিযোগিতা অনুস্থিত হয়।প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাখনো জিলাৰ ক্লাৱে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ আৰম্ভনি অনুস্থানত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি আৰু অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ , অসম অলিম্পিক সন্থাৰ উপ সভাপতি বিঞ্চুৰাম নুনিছা , ভাৰতীয় ভাৰত্তোলন সন্থাৰ উপ-সভাপতি ভৱজ্যোতি গোস্বামী, আই টি এফ টাংচু-ডু স্প'ৰ্টছ এচ'ছিয়েচন অফ অসমৰ সম্পাদক দেৱজিৎ গগৈ আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি, জেষ্ঠ ক্ৰীড়া সাংবাদিক, ক্ৰীড়া সংগঠক।

প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন জিলাৰ ১৭ ক্লাৱৰ প্ৰায় দুই শতাধিক খেলুৱৈ অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে শিৱসাগৰৰ জয়সাগৰ টাং চু ডু ক্লাব। ক্লাবটোৱে লাভ কৰে ৯ সোন, ৭টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদকসহ ৭০ পইণ্ট লাভ কৰে।

আনহাতে দ্বিতীয় শ্ৰেষ্ঠ ক্লাবৰ খিতাপ লাভ কৰে গুৱাহাটীৰ ঈগল মাৰ্চিয়েল আৰ্ট এণ্ড যোগ একাডেমীয়ে। ক্লাবটোৱে ৭ টা সোণ, ৮ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জসহ ৬৯ পইণ্ট লাভ কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফাইটাৰৰ সন্মান লাভ কৰে ল'ৰাৰ শাখাত ৰাণা সৰকাৰ আৰু ছোৱালী শাখাত অৰ্ঘ বৰগোহাঁইয়ে। ইয়াৰোপৰি মাচাকিঅ' চেল্ফ ডিফেন্স একাডেমিয়ে লাভ কৰে শ্ৰেষ্ঠ নিয়মানুৱৰ্তীতা ৰক্ষাৰ সন্মান লাভ কৰে।