আন্তঃৰাষ্ট্ৰীয়

খেলত অংশ ল’ব নোৱাৰিব আফগানিস্তানৰ মহিলাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছতে তালিবানে সলনি কৰিবলৈ আৰম্ভ কৰিছে বহু নিয়ম। আফগান মহিলাক কোনো খেলত অংশ লোৱাৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে তালিবানে। তালিবানাৰ নেতা আহমাদুল্লা ওৱাছিকে ৰাষ্ট্ৰখনৰ মহিলাসকলক ক্ৰীড়াৰ পৰা দূৰত থাকিবলৈ সকীয়াই দি প্ৰকাশ কৰিছে বিজ্ঞপ্তি। এই বিজ্ঞপ্তিত কোৱা হৈছে যে মহিলাৰ দেহৰ কোনো অংগ ওলাই থকাটো ইছলামৰ পৰিপন্থী কাৰ্য।

লগতে কোৱা হৈছে যে খেলৰ সময়ত মহিলাসকলে তেওঁলোকৰ দেহত সকলো অংগ ঢাকি ৰাখিব নোৱাৰে। সেয়েহে আফগানিস্তানৰ মহিলাসকলক খেলত ভাগ ল'বলৈ দিয়া নহ'ব। ইয়াৰ পাছতে অষ্ট্ৰেলিয়াই আফগানিস্তানৰ সৈতে অনুষ্ঠিত হ'বলগা মহিলা ক্ৰিকেট মেচ বাতিল কৰাৰ কথা ঘোষণা কৰে।