অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ পুনৰ সংঘৰ্ষঃ এইবাৰ স্থান অৰুণাচল, নিহত ৩ উগ্ৰপন্থী..

অসম ৰাইফলছ আৰু উগ্ৰপন্থীৰ পুনৰ সংঘৰ্ষঃ এইবাৰ স্থান অৰুণাচল, নিহত ৩  উগ্ৰপন্থী..

অৰুণাচল প্ৰদেশৰ খুনছাৰ পৰা উৎপল চলিহা: অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ অন্তৰ্গত ৱাক্রাৰ সমীপৰ খগলা গাঁৱৰ অৰণ্যত অসম ৰাইফলছ আৰু এন এছ চি এনৰ (কে 2) গোটৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়। নিৰাপত্তা বাহিনীৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত অঞ্চলত উগ্ৰপন্থী সংগঠনটোৰ কেডাৰে ভয়াবহ পৰিকল্পনা ৰূপায়ন কৰাৰ উদ্দেশ্যেৰে বাহৰ পাতি থকাৰ তথ্য লাভ কৰি খুনচাস্থিত ৬ অসম ৰাইফলছৰ দলে অভিযান চলায়। এই অভিযানত অসম ৰাইফলৰছক উগ্ৰপন্থীৰ দলটোৱে অত্যাধুনিক অস্ত্ৰৰে অসম ৰাইফলছৰ ওপৰত আক্ৰমণ সংঘটিত কৰে।

প্ৰত্যুত্তৰত অসম ৰাইফলছ বাহিনীয়েও উগ্ৰপন্থীৰ দলটোৰ ওপৰত আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে এন এছ চি এন (k2)ৰ তিনিটাকৈ দুধর্ষ উগ্ৰপন্থী নিহত হোৱাৰ লগতে আন উগ্ৰপন্থী কেইটা গভীৰ অৰণ্যৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। আনহাতে এই সংঘৰ্ষত অসম ৰাইফলছৰ কোনো এজনো লোক হতাহঁত হোৱা নাই বুলি প্ৰকাশ কৰিছে নিৰাপত্তা সূত্ৰটোৱে।

উল্লেখযোগ্য যে এতিয়ালৈকে নিহত উগ্ৰপন্থী কেইটাৰ পৰিচয় লাভ কৰিবলৈ নিৰাপত্তা বাহিনী সক্ষম হোৱা নাই যদিও আটাইকেইটা উগ্ৰপন্থীৰে ঘৰ ম্যানমাৰত বুলি প্ৰকাশ কৰিছে অসম ৰাইফলছে। আনহাতে সংঘর্ষত নিহত হোৱা উগ্ৰপন্থী কেইটাৰ পৰা অসম ৰাইফলছে তিনিটাকৈ অত্যাধুনিক এ কে ৮১ ৰাইফল, ৬ টাকৈ মেগজিন, শতাধিক এ কে ছিৰিজৰ গুলি, মোবাইল হেন্ডছেট, চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ম্যানমাৰ সীমান্তবর্তী আৰু উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সকলে ম্যানমাৰৰ পৰা ভাৰতত প্ৰবেশৰ বাবে গোপন পথ ৰূপে সততে ব্যৱহাৰ কৰি অহা উক্ত অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ তিনিজনকৈ দুধর্ষ কেডাৰক এনেদৰে নিহত কৰা ঘটনা নিৰাপত্তা বাহিনীৰ বাবে বৃহৎ সাফল্য ৰূপে পৰিগণিত হৈছে। মনকৰিবলগীয়া যে সোমবাৰৰ পুৱাৰে পৰা আৰম্ভ হোৱা এই সংঘর্ষ বাতৰি প্ৰেৰণ কৰাৰ পৰলৈকে অব্যাহত আছে। ১১ তাৰিখৰ পুৱতি নিশাও অসম আৰু অৰুণাচল সীমান্তৰ দেউমালীত ভাৰতীয় সেনাই এন এচ চি এম আই এমৰ বিৰুদ্ধে অভিযান চলাই এজন কেডাৰক নিহত আৰু দুজনকৈ কেডাৰক গুৰুতৰ ভাৱে আহত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in