বাক্সাৰ বাৰাপেটাত ৪০ ফুট উচ্চতাৰ মেজি দাহঃ নাম-প্ৰসংগৰে মংগল কামনা…

বাক্সাৰ বাৰাপেটাত ৪০ ফুট উচ্চতাৰ মেজি দাহঃ নাম-প্ৰসংগৰে মংগল কামনা…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ বাৰাপেটাত পৰম্পৰা অনুসৰি পহিলা মাঘৰ দিনা প্ৰায় ৪০ ফুট উচ্চতাৰ মেজিত অগ্নিসংযোগ কৰিলে স্থানীয় ৰাইজে। মাঘ মাহৰ পহিলা দিনটোত নামনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ খাৰিজা বিজনীতো মেজি জ্বলোৱা পৰ্ব অনুষ্ঠিত হয়।

খাৰিজা বিজনীৰ বাৰাপেটা আমগুৰী গাঁৱৰ নৰসিংহ নামঘৰ প্ৰাংগণত কিশোৰ সকলে নিৰ্মাণ কৰি উলিয়াইছিল প্ৰায় ৪০ ফুট উচ্চতাৰ মেজি। পহিলা মাঘৰ পুৱাই মাংগলিক ৰীতি নীতিৰে গাঁওখনৰ বয়োজেষ্ঠ ৰাইজৰ সহযোগত বৃহৎ আকাৰৰ মেজিটোত অগ্নিসংযোগ কৰা হয়। তাৰ পিছতে আয়তীসকলে নাম প্ৰসংগ পৰিৱেশন কৰি বছৰটোৰ বাবে মংগল কামনা কৰে। কিশোৰসকলৰ এই পদক্ষেপক শলাগ লয় গাঁওখনৰ ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in