অসম

২০২২ বৰ্ষত কিমান দিনৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়, পঢ়ক সম্পূৰ্ণ তালিকা…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ২০২২চনত সকলো চৰকাৰী কাৰ্যালয়সমূহ কোন কোন তাৰিখে বন্ধ থাকিব তাৰ এক তালিকা প্ৰকাশ কৰিছে। জানুৱাৰী, ২০২২ৰ পৰা ডিচেম্বৰ, ২০২২লৈ চৰকাৰী কাৰ্যালয়সমূহ ৩৪দিন সম্পূৰ্ণ বন্ধ থাকিব বুলি জনোৱা হৈছে এই তালিকাৰ দ্বাৰা।

ইফালে, ৯ আগষ্ট, ২০২২ত মহৰাম আৰু ৯ অক্টোবৰ, ২০২২ত লক্ষ্মী পূজাৰ বাবে চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধ ছুটী দিয়া হ'ব কৰ্মচাৰীসকলক। আনহাতে, পাব্লিক হলী ডে আছে ১৮দিন সম্পূৰ্ণ বছৰটোত। তদুপৰি ১ এপ্ৰিল, ২০২২ (শুকুৰবাৰ) দিনটোত থাকিব বেংক বন্ধ।

উল্লেখ্য যে, এই তালিকাখনত উল্লেখ কৰা হৈছে যে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকিব কাৰ্যালয়সমূহ। ইফালে, বছৰটোৰ ৩১দিন থাকিব সংৰক্ষিত বন্ধ হিচাপে। তদুপৰি প্ৰশাসনিক বিভাগসমূহে এই বন্ধসমূহৰ উপৰিও আৰু দুটা দিন অতিৰিক্ত বন্ধ হিচাপে ল'ব পাৰে যদিও তাৰ বাবে মুখ্যমন্ত্ৰীৰ মঞ্জুৰিৰ প্ৰয়োজন হ'ব।