১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. অৰ্জুন বঁটা গ্ৰহণৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পত্ৰ লাভ কৰিছে হিমা দাসে। ২৫ চেপ্তেম্বৰত ৰাইছিনা হিলছত প্ৰদান কৰা হব বঁটা।

২. থানাৰ ভিতৰতে মহিলাক যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত আৰক্ষী বিষয়া মোহন দলেক নুনমাটি আৰক্ষীৰ গ্ৰেপ্তাৰ।

৩. কংগ্ৰেছক মোক্ষম আঘাত। আগন্তুক বিধানসভা নিৰ্বাচনত চতীশগড়ত একেলগে নামিব জনতা কংগ্ৰেছ আৰু মায়াৱতীৰ বিএছপি।

৪. শুকুৰবাৰৰ পৰা গুৱাহাটীত পুনৰ চলিব ফেৰী। ব্ৰহ্মপুত্ৰত পানীৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰা বন্ধ আছিল ফেৰীৰ চলাচল।

৫. ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে মডেলক বিহ খুৱাই হত্যাৰ অভিযোগ, দেশখনৰে এগৰাকী মডেলে উত্থাপন কৰিলে এই অভিযোগ।

৬.জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা মুক্তি পাবলৈ মাজত মাত্ৰ কেইটামান দিন। তেজপুৰত দৃশ্যগ্ৰহণত ব্যস্ত জুবিনক চাবলৈ শুভাকাংক্ষীৰ ভিৰ।.

৭. ভাৰতক সঘনাই আক্ৰমণ কৰে পাকিস্তানী সন্ত্ৰাসবাদীয়ে। আমেৰিকাৰ এক প্ৰতিবেদনত প্ৰকাশ এই তথ্য।

৮. পূৰ্বৰ ৬ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত আজি পুনৰ আদালতৰ নিৰ্দেশ মৰ্মে ৮ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয় জেহাদী নৱাজ আলমক।

৯. আৰএছএছৰ অধ্যক্ষ মোহন ভাগৱতৰ মন্তব্য- 'মহিলাৰ বিৰুদ্ধে অপৰাধ কমাবলৈ মহিলাসকলক সজাগ আৰু সক্ষম কৰি তুলিব সংঘই।'

১০.পাকিস্তানৰ অনুৰোধ ৰক্ষা কৰিলে ভাৰতে। নিউৰ্য়কত মিলিত হ'ব দুই দেশৰ বিদেশ মন্ত্ৰী।

১১. পিঠিৰ আঘাতৰ বাবে চলিত এছিয়া কাপত ভাগ নলয় হাৰ্দিক পাণ্ডিয়াই। বিচিচিআইয়ে কৰিলে এই ঘোষণা।

১২. হাৰ্দিক পাণ্ডিয়াৰ লগতে চলিত এছিয়া কাপৰ পৰা বাহিৰ অক্ষয় পেটেল আৰু শাৰ্দুল ঠাকুৰ। তেওঁলোকৰ পৰিৰ্ৱতে দীপক চহৰ, ৰবীন্দ্ৰ জাডেজা আৰু সিদ্ধাৰ্থ কৌলক দলত অন্তৰ্ভূক্তি।

১৩. জিতেন দত্তৰ বিৰুদ্ধে সন্ত্ৰাসবাদীৰে সম্পৰ্ক থকাৰ অভিযোগ তোলাৰ বাবে লামডিংৰ বিধায়ক চিবু মিশ্ৰৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী থানাত এজাহাৰ গোলাঘাটৰ যুৱকৰ।

১৪. 'বিহাৰত অনুজ্ঞাপত্ৰ নথকা ঠিকদাৰক প্ৰদান কৰা হৈছে কোটি টকাৰ ঠিকা'-কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।

১৫. ৰাষ্ট্ৰসংঘৰ এক সংস্থাৰ তথ্যত প্ৰকাশ-'বিশ্বত সৰ্বাধিক শিশু মৃত্যু হয় ভাৰতত, দ্বিতীয় স্থানত নাইজেৰিয়া।

১৬. সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই উৎখাত কৰে এটা অস্থায়ী ঘাটি। অভিযানত জব্দ কৰিবলৈ সক্ষম হয় ৮ জাই গুলীসহ চোকা অস্ত্ৰ।

১৭. 'জন্মু কাশ্মীৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হৈ থাকিব দিলবাগ সিঙ'- উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এই ৰায়।

১৮. মোডী চৰকাৰৰ নতুন আচঁনি-'চাকৰি হেৰুৱা বা চাকৰি প্ৰত্যাশীসকলক প্ৰদান কৰা হব আৰ্থিক সাহাৰ্য্য।'

১৯. ড্ৰাগছ সৰবৰাহৰ অপৰাধত মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ যোৱাৰ পথত নামদাঙত অসম আৰক্ষীয়ে আটক কৰে এজন অৰুণাচল আৰক্ষী কনিষ্টবলক।  কনিষ্টবলজনৰ নাম বমৱাং থাংহা।

২০. মুজাফৰপুৰৰ নাৰীগৃহত হোৱা ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত এগৰাকী চৰকাৰী বিষয়াৰ সৈতে মুঠ চাৰিজন লোকক আৰক্ষীৰ আটক।

২১. ১৯ৰ নিৰ্বাচনত বিহাৰত ১৭খন আসন দিব লাগিব জেডিইউক। অমিত শ্বাহক দাবী কৰিলে নীতিশ কুমাৰে।

২২. মহাৰাষ্ট্ৰ-চত্তীছগড় সীমান্তত আৰক্ষী আৰু নক্সালবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলি।

২৩. মধ্যপ্ৰদেশৰ সমাগত নিৰ্বাচনৰ বাবে মায়াৱতীৰ বিএছপিয়ে ২২ খন আসনৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা ।

২৪. ২০২২ত দেশৰ অৰ্থব্যৱস্থা ৫ হাজাৰ বিলিয়ন ডলাৰলৈ সম্প্ৰসাৰণ কৰাৰ লক্ষ্য। দিল্লীত এক অনুষ্ঠানত এই দৰে কলে নৰেন্দ্ৰ মোডীয়ে।

২৫. কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আজি মুকলি কৰা 'ভঙা খিৰিকি'ছবিখনৰ পষ্টাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in