পাকিস্তানৰ কোটাহত পথ দুৰ্ঘটনাত নিহত ১৮ জন

পাকিস্তানৰ কোটাহত পথ দুৰ্ঘটনাত নিহত ১৮ জন

ডিজিটেল ডেস্কঃ মৃত্যুৰ ঘাটিলৈ পৰিণত হৈছে উত্তৰ-পশ্চিম পাকিস্তানৰ এটুকুৰা ঠাই। প্ৰায়ে সেই ঠাই টুকুৰাত সংঘটিত হৈ আহিছে দুৰ্ঘটনা। য'ত এতিয়ালৈকে মৃত্যু ঘটিছে ১৬৮ জনৰো অধিক লোকৰ। কিছুদিন পূৰ্বে কোনেও নজনা ঠাইটুকুৰাত কম দিনৰ ভিতৰতে এটাৰ পিছত এটাকৈ সংঘটিত হোৱা পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে বিভীষিকাৰ।

উত্তৰ-পশ্চিম পাকিস্তানৰ বাণিজ্য কেন্দ্ৰ হিচাপে পৰিচিত কোটাহৰ পৰা মাত্ৰ কিছুদূৰ নিলগৰ ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা পুনৰ এক দুৰ্ঘটনা সংঘটিত হোৱাত ১৮ জন লোক নিহত হয়। জানিব পৰা মতে, কৰাচী অভিমুখী এখ তেলভৰ্তি টেংকাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছত প্ৰচণ্ড জোৰে খুণ্ডা মৰাত বাছখন বাগৰি পৰে।

এই দুৰ্ঘটনাত ২ শিশু, ৬ মহিলাসহ মুঠ ১৮ জন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় নিৱাসীৰ মতে, মৃত্যুৰ স্থান হিচাপে পৰিগণিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথ টুকুৰাৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু প্ৰায় দুই শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ঈদৰ সময়ত একে ঠাইতে সংঘটিত হোৱা আন এক পথ দুৰ্ঘটনাত প্ৰায় ৬০ জন লোক নিহত হৈছিল। তদুপৰি বিগত মাহৰ শেষৰ ফালে এখন সামগ্ৰীভৰ্তি ট্ৰাকে এখন যাত্ৰীবাহী টেম্প'ত খুন্দা মৰাত ৬ জন লোকৰ মৃত্যু ঘটিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in