ছিপাঝাৰত ১৪৪ ধাৰা জাৰি,কি কি ক্ষেত্ৰত আছে নিষেধাজ্ঞা পঢ়ক সবিশেষ….

ছিপাঝাৰত ১৪৪ ধাৰা জাৰি,কি কি ক্ষেত্ৰত আছে নিষেধাজ্ঞা পঢ়ক সবিশেষ….

ডিজিটেল সংবাদ,ছিপাঋাৰঃ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ১ নং, ২ নং আৰু ৩ নং ঢলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বৃহস্পতিবাৰে হৈ যোৱা বিক্ষিপ্ত ঘটনাৰ বাবে শুকুৰবাৰৰ  পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

এই সময়ছোৱাত প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একে সময়তে সমবেত হ'ব নোৱাৰিব।  কোনো লোকেই সমদল আদিৰ দৰে কাৰ্য্যসূচীৰ আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰিও কোনো ব্যক্তিয়েই ৰাজপথ আদিত জনসাধাৰণ তথা যানবাহনৰ চলাচলত বাধা আৰোপ কৰিব‌ নোৱাৰিব।

প্ৰশাসনৰ নিৰ্দেশ অবিহনে কোনো লোককে কোনোধৰণৰ বিক্ষোভ, ৰাজহুৱা সভা আদিৰ আয়োজন কৰিবলৈ দিয়া নহ'ব। লগতে কোনো অসামৰিক লোককে কোনোধৰণৰ অস্ত্ৰ আদি লৈ ৰাজহুৱা স্থানত উপস্থিত থাকিবলৈ দিয়া নহ'ব ।

উপৰোক্ত নিৰ্দেশনা সমূহৰ সমান্তৰালকৈ কোনো লোকেই কোনোধৰণৰ লাউডস্পিকাৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব  লগতে কোনো অসামৰিক লোকে উক্ত নিষেধাজ্ঞা সমূহ কাৰ্য্যকৰী হৈ থকা সময়ছোৱাত সামৰিক/কেম'ফ্লেজ পোছাক পৰিধান কৰিব নোৱাৰিব ।

১৪৪ ধাৰাৰ অধীনত জাৰি কৰা উপৰোক্ত নিৰ্দেশ সমূহ অমান্য কৰা লোকসকলৰ ওপৰত প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in