অসম

নতুন শিক্ষা নীতি

asomiyapratidin

দেশ শিক্ষা ক্ষেত্ৰত যে এক আমূল পৰিৱৰ্তনৰ প্ৰয়োজন আছিল, তাক কোনেও স্বীকাৰ কৰিব নোৱাৰে।ঔপনিবেশিক আমোলৰ পদ্ধতিৰেই দেশৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষা নীতি প্ৰৱৰ্তিত হৈ আছিল দীৰ্ঘকাল ধৰি। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাই আধুনিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা আৰু অৰ্থ ব্যৱস্থা সৈতে খাপ খুৱাই ল'ব পৰাকৈ কৰ্মক্ষম হোৱাত বুৰাকৈয়ে ব্যৰ্থ হৈছে। সাধাৰণতে ল'ৰা ছোৱালীয়ে যি বিষয় লৈ পঢ়া শুনা কৰিছে, ভৱিষ্যতৰ জীৱনত সেই শিক্ষা একো কামত অহা নাই। তেওঁ হয়তো সততেই নিজকে জড়িত কৰিব লগা হৈছে অন্য ধৰণৰ জীৱন জীৱিকা বা কৰ্মৰ সৈতে, যাৰ সৈতে তেওঁ ইমান দিনে গ্ৰহণ কৰা শিক্ষাৰ কোনো সম্পৰ্ক নাই।

এনেধৰণৰ বিষম পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে দেশৰ চৰকাৰে গ্ৰহণ কৰিছে নতুন শিক্ষা নীতি। চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে নতুন শিক্ষা ব্যৱস্থাই নতুন প্ৰজন্মক কৰ্মসংস্থাপনৰ সুযোগ দিব। আগত দিনৰ পৃথিৱীত তিষ্ঠি থাকিব পৰাকৈ এই নতুন শিক্ষা ব্যৱস্থাৰ দ্বাৰা নতুন প্ৰজন্মই নিজক যোগ্যৱান কৰি তুলিব বুলি চৰকাৰে আশ্বাস দিছে। পিছে এনে ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলেও নতুন শিক্ষা নীতিক লৈ সন্দেহ সংশয়ো গঢ় লৈ উঠিছে। কৰ্পৰেট ব্যৱস্থাৰ অৰ্থনীতিয়ে ছানি ধৰা এই দেশত এই শিক্ষা নীতিয়ে শিক্ষাৰ সাৰ্বজনীন ৰূপটো ধৰি ৰাখিব নোৱাৰিব বুলি বহুতেই শংকা প্ৰকাশ কৰিছে।

ৰাজনৈতিক দল সংগঠনতো বাদেই, বহু বিশিষ্ট শিক্ষাবিদৰো মনত সংশয় জাগি উঠিছে যে নতুন শিক্ষা ব্যৱস্থাৰ শেষ পৰিণতি ভুগিব লাগিব সমাজৰ দৰিদ্ৰ আৰু প্ৰান্তীয় শ্ৰেণীটোৱে। নতুন এই শিক্ষা নীতিৰ সুযোগৰে চৰকাৰে শিক্ষা খণ্ডৰ পৰা লাহে লাহে আৰু সন্তৰ্পণে গা এৰা দিব এৰা শিক্ষা সেৱা দানৰ ব্যৱস্থাটোৰ লেকাম ধৰিব বেচৰকাৰী খণ্ডই। ফলত দৰিদ্ৰ শ্ৰেণীটোৱে শিক্ষাৰ পৰা বঞ্তি হ'ব লাগিব, বিশেষকৈ উচ্চ শিক্ষা হব তেওঁলোকৰ বাবে সুদূৰ পৰাহত। যিখন চৰকাৰে প্ৰতিনিয়ত ৰাজহুৱা সম্পদ কৰ্পৰেটৰ হাতত তুলি দিয়াৰ চেষ্টা চলাইছে, সেইখন চৰকাৰে শিক্ষা খণ্ডকো যে বেচৰকাৰীকৰণত অগ্ৰাধিকাৰ নিদিব, তেনে আশা কৰাৰ অৱকাশ ক'ত?

চৰকাৰে কৈছে যে জাতীয় শিক্ষা নীতিক এনেদৰে নিৰ্মান কৰা হ'ব যাতে পাঠ্যক্ৰম বোজা কমি যায়। তাৰ পৰিৱৰ্তে গুৰুত্ব আৰোপ কৰা যাব বুনিয়াদী বিষয়বোৰৰ ওপৰত। শিক্ষাক সংহত তথা 'ইন্টাৰডিছিপ্লিনাৰী, ফোন বেছড আৰু কমপ্লিট এক্সপিৰিয়েন্স' কৰি তোলাৰ আশ্বাসো নতুন শিক্ষা নীতিত দিয়া হৈছে। শুনিবলৈ এই আশ্বাস মিঠা। পিছে নতুন শিক্ষা নীতিত বেচৰকাৰীকৰণৰ ভিত্তি গঠনৰ যি সন্তৰ্পণ প্ৰয়াস আছে, তাৰ বিপৰীতে কিন্তু শিক্ষাৰ সাৰ্বজননী লভ্যতাৰ অপৰিহাৰ্য অংগৰূপে চৰকাৰী স্কুল ব্যৱস্থাক সম্প্ৰসাৰিত আৰু উন্নত কৰি তোলাৰ কোনো প্ৰস্তাৱ নাই।

চৰকাৰে নতুন শিক্ষা নীতিৰ জৰিয়তে ইংগিত দিছে যে জনহিতকৰ আৰু 'মানৱদৰদী' মনোবৃত্তিৰে গঠন কৰিব খোজা বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানক চৰকাৰে স্বাগত জনাব। পিচে প্রশ্নটো হ'ল আজিৰ এই যুগত লাভালাভৰ কথা বাদ দি কোনে এই দায়িত্ব ল'ব। প্ৰকৃততে 'জনহিতকৰ-মানবদৰদী' আদি শব্দবোৰৰ আঁৰৰ পৰা বৃহৎ কপাৰেট শক্তিবোৰেই আগবাঢ়ি নাহিব জানো? মন কৰিবলগীয়া যে ইতিমধ্যে দেশত কেম্পাছ গঢ়ি তুলিবলৈ এশখন বেচৰকাৰী বিদেশী বিশ্ববিদ্যালয়ক অনুমতি দিয়া হৈছে। অর্থাৎ ই হৈছে দেশত শিক্ষাৰ বাণিজ্যিকীকৰণৰ প্ৰথমটো ঢাপ। কিয়নো এনে বিশ্ববিদ্যালয়সমূহৰ থাকিব পৰিচালনা আৰু প্রশাসনিক ক্ষেত্ৰত সম্পূর্ণ নিজস্ব ক্ষমতা। এইবোৰ হ'ব স্ব-শাসিত শিক্ষা সংস্থা। কাক, কেনেকৈ ইয়াত পঢ়িবলৈ দিয়া হ'ব চৰকাৰে আৰু তাকে লৈ মূৰ ঘমাই নাথাকে।

অলপতে দেশৰ শিক্ষা মন্ত্ৰালয়ৰ পৰা কোৱা হৈছিল যে দেশৰ প্ৰায় ৪৫,০০০ অনুমোদিত কলেজৰ মাজৰ পৰা বাছি বাছি অনুমোদনৰ মান অনুযায়ী তাৰে কিছুমানক আণ্ডাৰগ্লেডৰ অটোনমি, শিক্ষা সংক্রান্ত, প্রশাসনিক তথা অর্থনৈতিক স্ব-শাসনৰ অধিকাৰ দিয়া হ'ব। অসমতো এনে তৎপৰতা আৰম্ভ হৈছে। ইয়াতো সেই একেই ইংগিত— ভৱিষ্যতে চৰকাৰে উচ্চ শিক্ষাৰ পৰা দায় সাৰিব বিচৰা। ইফালে নতুন শিক্ষা নীতিৰ জৰিয়তে প্রচলিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ ব্যৱস্থা বাতিল কৰি যি ৫+৩+৩+৪ চাৰি তৰপৰীয়া শিক্ষা ব্যৱস্থা প্রচলন কৰিব বিচৰা হৈছে, সেয়াও ভৱিষ্যৎ কৰ্প'ৰেট জগতখনৰ স্বাৰ্থৰ হকেহে বুলি বহুতে সংশয় প্ৰকাশ কৰিছে।

সংশয় ইয়াকে লৈ যে নতুন শিক্ষা নীতিয়ে ল'ৰা-ছোৱালীক উচ্চ শিক্ষাৰ প্ৰতি আকাংক্ষী কৰি তোলাৰ পৰিবৰ্তে ঢাপে ঢাপে পঢ়া সামৰি কৰ্মসংস্থাপন বিচৰাৰ প্ৰতিহে লালায়িত কৰি তোলা হ'ব। আমাৰ দেশত শিক্ষা আধৰুৱা কৰি শিক্ষানুষ্ঠান এৰি যোৱাটো এক বৃহৎ সমস্যা। নতুন শিক্ষা নীতিয়ে এই বিষয়টো আগত ৰাখিলেও সমাধানৰ কোনো বাস্তৱ পথ দেখুৱাব পৰা নাই। বৰং স্কুল-কলেজ আৰু বিশ্ববিদ্যালয় স্তৰত ছাত্র-ছাত্রীসকলক শিক্ষা ব্যৱস্থাত ধৰি ৰখাৰ কিবা উপায় উদ্ভাৱনৰ পৰিবৰ্তে শিক্ষা ক্ষেত্ৰৰ পৰা ওলাই যোৱাৰ বহুকেইখন দুৱাৰ উন্মুক্ত কৰি ৰখাৰ ব্যৱস্থাহে কৰা হৈছে। যিকোনো ঢাপতে পঢ়া-শুনা আধাতে সামৰি এৰি যাব খোজাজনক দিয়া হ'ব একোখন চাৰ্টিফিকেট।

এনেদৰেই শিক্ষা আধৰুৱাকৈ ত্যাগ কৰা নেচিবাচক বিষয়টোক প্রাতিষ্ঠানিক ৰূপ দিয়া হৈছে। সাধাৰণতে দৰিদ্ৰ তথা পিচপৰা শ্ৰেণীৰ সন্তানসকলেই পঢ়া আধৰুৱা কৰিবলগীয়া হয়। নতুন শিক্ষা নীতিয়ে এইসকলৰ কিবা দায়িত্ব ল'ব খোজাৰ কোনো সুস্পষ্ট ইংগিত নাই। বৰঞ্চ বিশেষজ্ঞসকলে কৈছে যে ভৱিষ্যতৰ কৰ্প'ৰেট পৃথিৱীক যি দক্ষ শ্রমিকৰ প্ৰয়োজন হ'ব, তাৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়ে নতুন শিক্ষা নীতিত কিছু উপায় উলিওৱা হৈছে, যাতে সমাজৰ দৰিদ্ৰ-প্ৰান্তীয় শ্রেণী তথা কম মেধাৰ শিক্ষার্থীসকলে উচ্চ শিক্ষাৰ সুযোগ নেদেখি পঢ়া সামৰি শ্ৰম বজাৰত প্ৰৱেশ কৰিবলৈ বাধ্য হয়। কিয়নো আগত দিনত আদানি, আম্বানিৰ দৰে বৃহৎ পুঁজিপতিৰ নেতৃত্বত ভাৰতত যি কৰ্প'ৰেট সাম্রাজ্য বিস্তাৰিত হ'ব, তাত প্রয়োজন হ'ব দক্ষ শ্রমিকৰ। ঠিকেইতো। যদি আজিয়েই সেই শ্ৰমিকৰ জন্ম দিয়া নহয়, তেনেহ'লে কেতিয়া দিয়া হ'ব।