এমিতি একাডেমীৰ দ্বিতীয় বার্ষিক নৱাগত আদৰণী সভা সম্পন্ন

এমিতি একাডেমীৰ দ্বিতীয় বার্ষিক নৱাগত আদৰণী সভা সম্পন্ন

ডিজিটেল সংবাদ, মান্দাকাটাঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিস্থ একমাত্র কলা শাখাৰ শিক্ষানুষ্ঠান এমিতি একাডেমীৰ দ্বিতীয় বার্ষিক নৱাগত আদৰণী সভাখন শনিবাৰে দিনজোৰা কার্যক্রমণিকাৰে এমিতি একাডেমী প্রাঙ্গনত অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণী সভাৰ কাৰ্যসূচী
অনুসৰি পুৱা ৮ বজাত পতাকা উত্তোলন কৰে একাডেমীৰ অধ্যক্ষা বেবীমণি দেৱীয়ে। ৮.৩০ বজাত একাডেমীৰ উপ অধীক্ষক ছেলিম হুছেইন, বিষয় শিক্ষক ৰিজুমণি শৰ্মা আৰু জয়া দেৱীৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা স্বচ্ছ ভাৰত অভিযান কার্যসূচী পালন কৰা হয়। ৯.৩০ বজাত এমিতি একাডেমীৰ শিক্ষক আৰু শিক্ষার্থী মিলি এক বিশাল সাংস্কৃতিক শােভাযাত্রা প্রদর্শন কৰে।

সাংস্কৃতিক শােভাযাত্ৰাৰ নেতৃত্ব বহন কৰে একাডেমীৰ বিষয় শিক্ষক ক্রমে- নিপামণি ডেকা আৰু ভৱকান্ত দাসে। ১১ বজাত অনুষ্ঠিত হয় প্রীতি সন্মিলন আৰু সম্বর্ধনা অনুষ্ঠান। একাডেমীৰ দ্বিতীয় বার্ষিকৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিচালনা কৰা এই অনুষ্ঠানত একাডেমীৰ শিক্ষাৰ্থী সকলে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

সম্বৰ্ধনা অনুষ্ঠানত কামৰূপা ছােৱালী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা জিনাৎআৰা বেগম, শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন প্রধান আচার্য ধীৰেন্দ্ৰ কলিতা সমন্বিতে এমিতি একাডেমীৰ সমূহ শিক্ষক-কর্মচাৰীবৃন্দক একাডেমী পৰিচালনা সমিতি (এমিতি গ্রুপ)ৰ তৰফৰপৰা সম্বর্ধনা জ্ঞাপন কৰা হয়। বিয়লি ৩ বজাত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰে সাংস্কৃতিক জগতত মেট্রিক্স নামেৰে পৰিচিত জিতুপন বৰা আৰু মিছ জুলীয়ে।

মেট্রিক্স-জুলীৰ সাংস্কৃতিক অনুষ্ঠানে একাডেমীৰ শিক্ষক-শিক্ষার্থী আৰু অভিভাৱকৰ লগতে উপস্থিত সহস্রাধিক দর্শকক আপ্লুট কৰে। এই সাংস্কৃতিক অনুষ্ঠানতে মেট্রিক্স ফেন ক্লাবৰ তৰফৰপৰা শিল্পীগৰাকীয়ে বর্ধিত তাপমাত্রা সম্পর্কে উপস্থিত দর্শকক সম্বােধন কৰি এক তত্বগধুৰ বক্তব্য প্রদান কৰে। শিল্পীগৰাকীয়ে উক্ত সাংস্কৃতিক অনুষ্ঠানতে এমিতি কর্তৃপক্ষক একাডেমী চৌহদত ৰােপণৰ বাবে কেইবাটাও গছপুলি ৰাজহুৱাভাৱে প্রদান কৰে। শিল্পীগৰাকীৰ এনে সচেতনতা আৰু ব্যতিক্রমী পদক্ষেপক একাডেমীৰ শিক্ষক-শিক্ষার্থীৰ লগতে উপস্থিত দর্শকসকলে ভূয়সী প্রশংসা কৰে। বিয়লি ৫-৩০ বজাত এই অনুষ্ঠানৰ সফলভাৱে সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in