শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

অমিতাভ বচ্চনক লাগে চাকৰি, শ্বাহৰুখ খানে ক’লে- পালে মোকো ক’ব ছাৰ…

923

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনক চাকৰি লাগে। টুইটাৰৰ হেণ্ডেলত বিগ বিয়ে টুইট কৰিছে এই কথা। টি৩১১২ হৈ গ’ল। এতিয়া চাকৰি ক’ত? ৫০ বছৰে সুধি আহিছো এয়া। শুকুৰবাৰে মুক্তি পোৱা ‘বদলা’ ছবিখনক লৈ এইদৰে প্ৰচাৰ চলাইছে বিগ বিয়ে। ছবিখনত অভিনেতাগৰাকীয়ে জোৰদাৰ অভিনয় কৰিছে। বিগ বিয়ে দিয়া টুইটটো এইটো-

এই ছবিখন মুক্তি পোৱাৰ দিনাই দৰ্শকে ব্যাপকভাৱে সঁহাৰি জনাইছে। টুইটৰ প্ৰত্যুত্তৰত আনকি শ্বাহৰুখ খানেও মন্তব্য কৰিছে। শ্বাহৰুখ খানে কৈছে- ছাৰ, যদি পাই মোকো ক’বচোন।

ইয়াৰ প্ৰত্যুত্তৰ দিয়াত বিগ বিয়েও দেৰি নকৰিলে। কিং খানক উত্তৰ দি বিগ বিয়ে লিখিলে- একেলগে কাম কৰাৰ মোৰ তাত এটা উপায় আছে। উল্লেখযোগ্য যে, এই ছবিখনত অমিতাভ বচ্চনে অধিবক্তাৰ চৰিত্ৰ ৰূপায়ন কৰিছে। এই ছবিখনৰ নায়িকা তাপছীৰ সৈতে অমিতাভ বচ্চনে পূৰ্বে ‘পিংক’ত অভিনয় কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি